Daily Time Axom

অ’টো ৰিক্সা চালকৰ জীয়ৰীৰ ফেমিনা মিছ্ ইণ্ডিয়া ২০২০ৰ প্ৰতিযোগিতাৰ ৰানাৰ্চ আপ খিতাপ অৰ্জন

0 12

ডিজিটেল ডেস্কঃ নিজা পৰিশ্ৰম আৰু একাগ্ৰতাৰেই এতিয়া বোকাত পদুম হৈ ফুলিছে উত্তৰপ্ৰদেশৰ জীয়ৰী মান্যা সিং। ফেমিনা মিছ ইণ্ডিয়া ২০২০ প্ৰতিযোগিতাৰ ৰানাৰ আপ হিচাপে খিতাপ লাভ কৰিবলৈ সক্ষম হৈছে মান্যাই।
দৰাচলতে এই প্ৰতিযোগিতাৰ বিজয়ী তেলেংগানাৰ সুন্দৰী যুৱতী মানসা বাৰাণসী। কিন্তু এতিয়া ছ’চিয়েল মেডিয়াত অতিকৈ চৰ্চিত হৈ পৰিছে মান্যাৰ বিষয়েহে , কিয়নো এই যুৱতীগৰাকীৰ পিতৃ এজন অ’টো চালক। দৰিদ্ৰতাক নেওচি আজি এই স্থান পাবলৈ সক্ষম হৈছে এই সুন্দৰী যুৱতী মান্যাই।

এই প্ৰতিযোগিতাত বিজয়ী হোৱা যুৱতী আৰু ছেকেণ্ড ৰানাৰ আপ হোৱা যুৱতী, দুয়োগৰাকীতকৈ বহু পৃথক তথা সমস্যাৰে ভৰা মান্যাৰ জীৱন।এই বিষয়ে মান্যাই সাংবাদিকৰ আগত কয় যে- তেওঁ বহু নিশা ভাত নোখোৱাকৈ আৰু টোপনি নোযোৱাকৈয়ে কটাই। বাছ-গাড়ীৰ ভাড়া বচাবৰ কাৰণে বহু কিলোমিটাৰ খোজো কাঢ়ি যায়। তেজ-ঘাম আৰু চকুলোৱে তেওঁক সাহস দিছে, যাৰ দ্বাৰা তেওঁৰ এই মোৰ সপোনক বাস্তৱ ৰূপত পৰিনত কৰিবলৈ সক্ষম হৈছে।লগতে কয় যে, ঘৰৰ আৰ্থিক ব্যৱস্থা অতি দুৰ্বল হোৱাৰ বাবে বহু কম বয়সতে কাম কৰিবলৈ আৰম্ভ কৰিছিল।অটো ৰিক্সা চালকৰ কন্যা হোৱা হেতুকে শিক্ষা ও সম্পূৰ্ণ কৰিব নোৱাৰিলে।
উল্লেখ্য যে, মাত্ৰ ১৪ বছৰ বয়সতে ঘৰ এৰিছিল মান্যাই। তেওঁ সন্ধ্যা হ’লেই হোটেলত বাচন ধুৱে আৰু নিশা হ’লে ক’ল চেন্টাৰ আদিতো কাম কৰিছিল । তথাপিও কোনোদিনে নিজৰ লক্ষ্যৰ পৰা আঁতৰি যোৱা নাছিল মান্যা।মান্যাৰ এই সফলতাৰ আঁৰৰ কথাখিনি সঁচাকৈয়ে অতি অনুপ্ৰাণিত হোৱা বিষয়। বৰ্তমান সময়ত তেওঁৰ পৰা শিকাৰ প্ৰয়োজন।নিজক লৈ সুখী হোৱাৰ প্ৰয়োজন। কিয়নো যিকোনো সমস্যাকো নেওচি আগুৱাই যোৱাটোকে কয় জীৱন আৰু যদি জীৱনত থাকে সপোন, তেন্তে ইয়াক বাস্তৱ ৰূপ দিয়াৰ দায়িত্বও সদায় নিজৰ।

Leave A Reply

Your email address will not be published.