Daily Time Axom

ডুমডুমাৰ সমষ্টিত উন্নয়ন পূঁজিৰ প্ৰায় 2 কোটি টকাৰ চেক বিতৰন

0 10

ডিজিটেল ডেস্ক: ডুমডুমা সমষ্টিৰ উন্নয়নৰ বাবে ডুমডুমাৰ বিধায়ক দূৰ্গা ভূমিজে বৃহস্পতিবাৰে 2021-22 বিত্তীয় বৰ্ষৰ এলেকা উন্নয়ন পূঁজিৰ প্ৰায় 2 কোটি টকাৰ চেক বিতৰন কৰে ।সমষ্টিটোৰ 150 টা বিভিন্ন আন্ত:গাথনি উন্নয়নৰ বাবে বিধায়ক এলেকা উন্নয়ন পুঁজিৰ প্ৰায় 2 কোটি টকা নিৰ্মাণ সমিতি সমুহৰ মাজত বিতৰন কৰা পৰিলক্ষিত হয়।উক্ত অনুষ্ঠানত ডুমডুমাৰ 15 খন গাঁও পঞ্চায়ত আৰু ডুমডুমা নগৰ সমিতিৰ অন্তৰ্গত 150 টা প্ৰস্তাৱিত প্ৰকল্পৰ নিৰ্মান সমিতি সমুহৰ বিষয়-ববীয়া উপস্থিত থাকি চেক সমুহ গ্ৰহণ কৰে । উল্লেখ্য যে বিধায়ক ভূমিজে প্ৰকল্প সমুহ নিৰ্বাচনৰ পূৰ্বে নিৰ্মাণ কাৰ্য্য আৰম্ভ কৰিবলৈ নিৰ্দেশ দি নিৰ্মান কাৰ্য্যত যাতে কোনো ধৰনৰ অনিয়ম সংঘটিত নহয় তাৰ বাবে নিৰ্মাণ সমিতি সমুহক নিৰ্দেশনা জাৰি কৰে |

Leave A Reply

Your email address will not be published.