Daily Time Axom

সন্মিলিত বড়ো গণ মঞ্চৰ কেন্দ্ৰীয় অধিবেশনৰ সফল সামৰণি কাৰ্বি আংলংত পৰৱৰ্তী অধিবেশন

0 7

ডিজিটেল ডেস্কঃ গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ সীমান্তবৰ্তী উৰিয়ামঘাটৰ মিথিংগা নগৰত যোৱা ১৭ ফেব্ৰুৱাৰীৰ পৰা এক উৎসৱমুখৰ পৰিবেশত অনুষ্ঠিত হোৱা সন্মিলিত বড়ো গণ মঞ্চৰ সপ্তম বাৰ্ষিক কেন্দ্ৰীয় অধিবেশনৰ যোৱা নিশা বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠানেৰে সফল সামৰণি পৰে।বি টি চি ৰ বাহিৰত বসবাস কৰা অসমৰ ২১ খন জিলাৰ বাহিৰেও কেবাখনো ৰাজ্য তথা ৰাষ্ট্ৰৰ পৰা বহু হাজাৰ বড়ো প্ৰতিনিধিয়ে অংশ গ্ৰহণ কৰা সন্মিলিত বড়ো গণ মঞ্চৰ কেন্দ্ৰীয় অধিবেশনৰ প্ৰথম ২ টা দিনৰ বৰ্ণাঢ্য কাৰ্যসূচী সফল ভাবে ৰূপায়ণ হোৱাৰ অন্তত শুকুৰবাৰৰ অন্তিম দিনটোত দুপৰীয়া অনুষ্ঠিত হয় এক মুকলি সভা ।সভাত সভাপতিত্ব কৰে সন্মিলিত বড়ো গণ মঞ্চৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি মিহিনীশ্বৰ বসুমতাৰীয়ে।সাহিত্য একাডেমীৰ লগতে পদ্মশ্ৰী বঁটা প্ৰাপক ডঃ মঙ্গল সিং হাজোৱাৰীয়ে মুকলি সভা উদ্ধোধন কৰাৰ লগতে গীতে মাতেৰে সভাত নিৰ্দিষ্ট বক্তাৰ ভাষণ আগবঢ়ায় । সন্মিলিত বড়ো গণ মঞ্চৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক অনিল বসুমতাৰীয়ে আঁত ধৰা সভাত বোকাজনৰ বিধায়ক ডাঃ নোমল মুমিন, মিছিং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য প্ৰভাত বসুমতাৰী,মলেন্দ্ৰ নাৰ্জাৰী, তিৱা স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য বিনীতা দৈমাৰী, এ বি এল পি টি এৰ কেন্দ্ৰীয় সভাপতি ছবিন স্বৰ্গীয়াৰী , ধেমাজি জিলা পৰিষদৰ সদস্য শোভাৰাণী বসুমতাৰী, সদৌ ব্ৰহ্ম সমিতিৰ কেন্দ্ৰীয় সভাপতি অমৰেন্দ্ৰ ব্ৰহ্ম, চুতীয়া ছাত্র সন্থাৰ কেন্দ্ৰীয় সমিতিৰ উপসভাপতি লক্ষী বৰা সহ ভালেকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকি বক্তব্য ৰাখে।মুকলি সভাতে অসম চৰকাৰে মিহিনীশ্বৰ বসুমতাৰীৰ নেতৃত্বত গঠন কৰি দিয়া বড়ো কছাৰী কল্যান স্বায়ত্ব শাসিত পৰিষদৰ নৱগঠিত অন্তৱৰ্তী কালীন পৰিষদৰ নেতৃবৰ্গক ৰাজহুৱাকৈ পৰিচয় কৰি দিয়া হয়।ইফালে বৃহস্পতিবাৰে নিশা অনুষ্ঠিত অধিবেশৰ অন্তিম খন প্ৰতিনিধি সভাত মনোৰঞ্জন বসুমতাৰীক সভাপতি, ৰতন বসুমতাৰী,প্ৰদীপ বসুমতাৰী আৰু নয়ন বসুমতাৰীক উপসভাপতি ,পীতাম্বৰ ব্ৰহ্মক সাধাৰণ সম্পাদক, অমিত বসুমতাৰী আৰু চোমশ্ৰী বড়োক সহ সম্পাদক, আৰু বদন মুচাহাৰীক মুখপাত্ৰ হিচাপে লৈ মুঠ ২৬ জনীয়া সদস্যৰে ২০২১-২২ বৰ্ষৰ বাবে সন্মিলিত বড়ো গণ মঞ্চৰ নতুন কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সমিতি খন গঠন কৰা হয়।ইফালে এই প্ৰতিনিধি সভাতে বড়ো জাতিৰ উন্নয়নৰ অৰ্থে ভালে কেইটা গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয়।প্ৰতিনিধি সভাত ইউ বি পি অ ৰ পৰৱৰ্তী কেন্দ্ৰীয় অধিবেশন কাৰ্বি আংলংত অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হয়।সন্ধিয়া গুৱাহাটীৰ কন্ঠ শিল্পী শৰ্মিলা মহন্ত আৰু বেবী কুইনৰ লগতে স্থানীয় শিল্পীৰ দ্বাৰা গীত-মাত পৰিবেশনত জিপাল হয় সাংস্কৃতিক অনুষ্ঠান।

Leave A Reply

Your email address will not be published.