Daily Time Axom

বটদ্ৰৱাৰ জনসভাত অংশগ্ৰহন কৰি কি কলে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমৃত শ্বাহে

0 9

ডিজিটেল ডেস্ক:বৃহস্পতিবাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমৃত শ্বাহ অসমলৈ আহি বটদ্ৰৱাত অনুষ্ঠিত এক বিশাল জনসভাত অংশগ্ৰহন কৰে। ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, স্বাস্থ্য মন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থকা সভাখনত গৃহ মন্ত্ৰী অমৃত শ্বাহে ভাষন প্ৰদান কৰে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱক প্ৰনাম কৰি ভাষন প্ৰসংগত তেখেতে শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ সংস্কৃতিসমুহ সমগ্ৰ বিশ্ববাসীৰ মাজলৈ উলিয়ায় নিবলৈ চেষ্টা কৰিব বুলি আশ্বাস প্ৰদান কৰে। তেখেতে পুনৰ কয় যে স্বাধীনতা আন্দোলনৰ সময়ত মহাত্মা গান্ধীয়ে ৫০০ বছৰৰ পুৰ্বে অসমত শংকৰদেৱৰ দৰে এজন মহাপুৰুষে জন্ম লাভ কৰাটো অসমৰ বাবে পৰম সৌভাগ্যৰ কথা বুলি মন্তব্য আগবঢ়াইছিল। তেওঁ পুনৰ কয় এনে এখন ঠাইত কংগ্ৰেছে ১৫ বছৰ শাসন কৰাৰ পিছতো কোনো ধৰনৰ উন্নতি নোহোৱাৰ পিছত ৰাইজে ভাৰতীয় জনতা পাৰ্টীক বিশ্বাস কৰি জয়ী কৰিছিল। আৰু তাৰ পিছত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু স্বাস্থ্য মন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাই শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ সংস্কৃতিসমুহ জীয়াই ৰখাৰ বাবে বিশেষ পদক্ষেপ হাতত লৈছে আৰু ইয়াৰ বাবে‌ মই তেওঁলোকক অভিনন্দন জনাইছো।প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত পুনৰ ভাৰতৰ বিকাশৰ বাবে বিজেপি চৰকাৰখন নতুন কৈ আগবাঢ়ি আহিছে বুলি কোৱাৰ লগতে আৰু বহু কেইটা বিষয়ত ভাষন প্ৰদান কৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমৃত শ্বাহে।

Leave A Reply

Your email address will not be published.