উপ আৰক্ষী অধীক্ষক হিচাপে নিযুক্তি লাভ হিমা দাসৰ

ডিজিটেল ডেস্ক:- শুকুৰবাৰে সৰুসজাই ষ্টেডিয়ামত ধিং এক্সপ্ৰেছ খ্যাত অসম গৌৰৱ হিমা দাসক অসম আৰক্ষীৰ উপ আৰক্ষী অধীক্ষক হিচাপে নিযুক্তি পত্ৰ প্ৰদান কৰে। ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু আৰক্ষী সঞ্চালকৰ উপস্থিতিত হিমা দাসে নিযুক্তি পত্ৰ গ্ৰহণ কৰা পৰিলক্ষিত হ’ল।২০১৭-১৮ ক্ৰীড়া নীতিৰ ভিত্তিত হিমা দাসক ডিএছপি ৰূপে নিযুক্তি প্ৰদান কৰে।নিযুক্তি লাভ কৰি উৎফুল্লিত হৈ পৰা হিমা দাসে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু স্বাস্থ্য মন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰে।নিজ দায়িত্ব আৰু কৰ্তব্য পালন কৰাৰ সমান্তৰালকৈ ক্ৰীড়াৰ জগতখনতো সমানে আগবাঢ়ি যাবলৈ চেষ্টা অব্যাহত ৰাখিব বুলি উল্লেখ কৰে স্বৰ্ণ কন্যা হিমা দাসে। উল্লেখ্য যে উক্ত অনুষ্ঠানতেই ৫৯৭ গৰাকী প্ৰাৰ্থীক উপ আৰক্ষী পৰিদৰ্শক (SI) পদত নিযুক্তি পত্ৰ প্ৰদান কৰে।

Comments (0)
Add Comment