ডিজিটেল ডেস্ক: ধনশিৰি মহকুমাৰ অন্তৰ্গত এখন আগশাৰীৰ মহাবিদ্যালয় সৰুপথাৰ মহাবিদ্যালয়ত ২২ ফ্ৰেব্ৰুৱাৰীৰ পৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা মহাবিদ্যালয় সপ্তাহৰ আজি অন্তিমটো দিন।অন্তিমটো দিনৰ প্ৰথম কাৰ্যসূচীত মহাবিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰী সকলে উলিওৱা বৰ্ণাঢ়্য সাংস্কৃতিক শোভাযাত্ৰাই সকলোকে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়।মহাবিদ্যালয়খনৰ প্ৰতিটো বিভাগে সমাজলৈ এক বাৰ্তা দিয়াৰ উদ্দেশ্যে যৌতুক প্ৰথাৰ বিৰোধিতা,পৰম্পৰা ৰক্ষাৰ বাবে বিয়া নাম,পানী তুলা নাম,ভাওনা,ডাইনী হত্যা ৰোধ, জয়মতীৰ চৰিত্ৰ ৰূপায়ণ আদিক একো একোটা বিশেষ বিষয় হিচাপে লৈ শোভাযাত্ৰাত অংশগ্ৰহণ কৰা পৰিলক্ষিত হ’ল। উল্লেখ্য যে ইয়াৰ পুৰ্বে মহাবিদ্যালয় সপ্তাহৰ প্ৰথম কেইদিনৰ কাৰ্যসূচীত সাহিত্য, সাংস্কৃতিক আৰু ক্ৰীড়াৰ লগতে বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল।ইফালে সপ্তাহজোৰা কাৰ্যসূচীৰ অন্তত আজি বিয়লীৰ ভাগত বঁটা বিতৰণী আৰু মুকলি সভা অনুষ্ঠিত হ’ব। উক্ত কাৰ্যসূচী সমুহৰ পিছতে বিয়লি ৩ বজাত অসমৰ জনপ্ৰিয় কন্ঠ শিল্পী গীতালী দেৱীৰ লগতে মন্টু গোহাঁইৰ এক গীতৰ সাংস্কৃতিক অনুষ্ঠানেৰে অনুষ্ঠান সামৰনি পৰিব বুলি মহাবিদ্যালয় খনৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদকে জানিবলৈ দিছে।