বৰপেটাৰ জিলাৰ ঐতিহাসিক মাজদিয়া-ছাটা পাঁচপীড় দৰগাহত উৰুচ মেলা

ডিজিটেল ডেস্কঃবৰপেটা জিলাৰ পূব প্ৰান্তত অৱস্থিত ঐতিহাসিক মাজদিয়া-ছাটা পাঁচপীড় দৰগাহত উৰুচ মেলা ২৪ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হৈ থকা পৰিলক্ষিত হৈছে। উক্ত উৰুচ মেলাতে মাঘী পূৰ্ণিমাৰ দিনা হাজাৰ হাজাৰ ভক্তৰ সমাগম হোৱা দেখা যায়।বুৰঞ্জী প্ৰসিদ্ধ এই মাজদিয়া-ছাটা পাঁচপীড় দৰগাহ হিন্দু- মুছলমানৰ মিলনভূমিত পৰিণত হৈছে। শনিবাৰে মাঘী পূৰ্ণিমা উপলক্ষ্যে পাঁচপীড় দৰগাহত প্ৰায় পোন্ধৰ হাজাৰ ভক্তৰ সমাগম হোৱা দেখিবলৈ পোৱা গৈছে। উল্লেখ্য যে পাঁচ পীড়ৰ কবৰত ভক্তসকলে মমবাতি জ্বলাই সেৱা কৰিলে ভক্তৰ মনোবাঞ্চা পূৰণ হয় বুলি জনবিশ্বাস আছে। ২৪ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হোৱা এই উৰুচ মেলা ২ মাৰ্চত সামৰণি পৰিব বুলি দৰগাহ পৰিচালনা সমিতিৰ বিষয়ববীয়াই জানিবলৈ দিয়ে ।

Comments (0)
Add Comment