ডিজিটেল ডেস্কঃ মৰাণত আৰম্ভ হ’ল এখন অগতানুগতিক বজাৰ ৷এই অগতানুগতিক বজাৰখন হৈছে মৰাণ মহাবিদ্যালয়ৰ NSS গোটৰ এক ব্যতিক্ৰমী প্ৰয়াস ৷ মহাবিদ্যালয়খনত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীসকলে যাতে অধ্যয়নৰ সমান্তৰালভাৱে নিজৰ দক্ষতা বিকাশৰ যোগেদি স্ব-নিৰ্ভৰশীল হ’ব পাৰে সেই উদ্দেশ্যৰে মৰাণত আৰম্ভ কৰিছে উক্ত বজাৰখন ৷ মৰাণ মহাবিদ্যালয় NSS গোটৰ উদ্যোগত আৰু মৰাণ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সহযোগত শনিবাৰে উদ্বোধন কৰে এই বজাৰখন ৷
উল্লেখ্য যে দৈনন্দিন ব্যৱহৃত শাক-পাচলি, ঘৰুৱা সামগ্ৰীৰ পৰা আৰম্ভ কৰি পিঠা-পনা, গামোচা আদিলৈকে বিভিন্ন সামগ্ৰী উপলব্ধ হৈছে বজাৰখনত ৷
আনহাতে বজাৰখনৰ বিক্রেতা হৈছে মহাবিদ্যালয়খনৰ ছাত্র-ছাত্ৰীসকল।প্ৰদুষণ মুক্ত এখন সমাজ গঢ়াৰ লগতে ছাত্ৰ-ছাত্ৰীসকলক আত্মনিৰ্ভৰশীল হিচাপে গঢ়ি তোলাৰ উদ্দেশ্যৰে আৰম্ভ কৰা হৈছে এই বজাৰখন ৷ এই বজাৰত অন্য বজাৰ বিলাকতকৈ তুলনামূলকভাৱে কম মূল্যত যোগান ধৰা হ’ব বিভিন্ন সামগ্ৰী ৷ প্ৰত্যেক দিনা বজাৰখন পুৱা ৭ বজাৰ পৰা ১০ বজালৈ আৰু বিয়লি ২ বজাৰ পৰা ৪ বজালৈ খোলা থাকিব ।