Daily Time Axom

ৰাজ্যত বলবৎ হ’ল নিৰ্বাচনী আচৰণ বিধি,তৎপৰ প্ৰশাসন

0 10

ডিজিটেল ডেস্কঃশুকুৰবাৰে বিয়লি ৪-৩০ বজাত দেশৰ নিৰ্বাচন আয়োগে সংবাদমেল যোগে ঘোষনা কৰে অসমৰ লগতে আন চাৰিখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ দিন।ইয়াৰ লগে লগে ৰাজ্যত বলবৎ হ’ল নিৰ্বাচনী আচৰণবিধি ।এতিয়াৰে পৰা কোনো কাৰণতে যাতে আচৰণবিধি উলংঘা নহয় তাৰ প্ৰতি বিশেষভাৱে তৎপৰ হৈ পৰিছে ৰাজ্যৰ প্ৰশাসন ব্যৱস্থা ৷শুকুৰবাৰে সন্ধিয়াৰ ভাগৰ পৰাই ৰাজ্যৰ ভিন্ন প্ৰান্তৰ আৰক্ষী প্ৰশাসনসমুহে নিৰ্বাচনী বিষয়া সকলৰ সহযোগত দলীয়ভাৱে একত্ৰিত হৈ নগৰে চহৰৰ লগতে ভিন্ন প্ৰান্তত লাগি থকা ৰাজনৈতিক দলৰ বেনাৰ-পোষ্টাৰ , হৰ্ডিং সমুহ আঁতৰ কৰা পৰিলক্ষিত হৈছে। উল্লেখযোগ্য যে ৰাজ্যৰ প্ৰতিখন জিলাতে যাতে শান্তিপূৰ্ণ আৰু নিৰপেক্ষ পৰিবেশত নিৰ্বাচন অনুষ্ঠিত হয় তাৰ প্ৰতি লক্ষ্য ৰাখি এনে ব্যৱস্থা গ্ৰহন কৰা হৈছে আৰু নিৰ্বাচন পৰ্যন্ত এয়া অব্যাহত থাকিব বুলি ব্যক্ত কৰিছে নিৰ্বাচনী আয়োগৰ লগত জড়িত বিষয়া সকলে।

Leave A Reply

Your email address will not be published.