Daily Time Axom

প্ৰায় তিনিটা বাল্ব জ্বলাওতেই সৰুপথাৰ বিদ্যুৎ বিভাগৰ দ্বাৰা এমাহৰ বিল আহিল ৫৪ হাজাৰ টকা।

0 9

ডিজিটেল ডেস্কঃধনশিৰি মহকুমাৰ উৰিয়ামঘাট বিদ্যাপুৰ খেৰবাৰী গাঁৱত সৰুপথাৰ বিদ্যুৎ বিভাগৰ দ্বাৰা সংঘটিত হৈছে এক আজৱ কাণ্ড। এই গাঁৱখনৰ প্ৰায়ভাগ বাসিন্দাৰে ফেব্ৰুৱাৰী মাহৰ বিদ্যুৎ বিলৰ ধনৰাশি শুনিলে হয়তো আপোনাৰো চকু কপালত উঠিব। সৰুপথাৰ বিদ্যুৎ উপ সংমণ্ডলৰ অধীনত বিদ্যুৎ সেৱা লাভ কৰা এইসকল লোকৰ বিদ্যুৎ বিলৰ পৰিমাণ কাৰোবাৰ ৮ হাজাৰ, কাৰোবাৰ ১৫ হাজাৰ, কাৰোবাৰ ২০ হাজাৰ, কাৰোবাৰ ২৪ হাজাৰ, কাৰোবাৰ ৩৫ হাজাৰ, কাৰোবাৰ আকৌ ৫৪হাজাৰ টকা পৰ্যন্ত বিল আহিছে। যাৰ বাবে এতিয়া বিপদত পৰিছে গাঁওখনৰ বিদ্যুৎ গ্ৰাহকসকল।গাঁওখনৰ প্ৰায় ভাগ মানুহেই হৈছে দিন হাজিৰা কৰি চলা মানুহ।
বিদ্যাপুৰ খেৰবাৰী গাঁৱৰ লোকসকলৰ অভিযোগ মতে এজন মিটাৰ পৰিদৰ্শকে নিজ ইচ্ছা অনুযায়ী ৰিডিঙ লিখে। তেওঁ কোনোদিনেই মিটাৰত ৰিডিং নাচায় আৰু মিটাৰ ৰিডিং কাৰ্ডত নিলিখে।
গাঁৱৰ লোকে তেওঁক অভিযোগ কৰিলে ইয়াতকৈ আৰু অধিক বিল বনাই দিম বুলি ভাৱুকি প্ৰদান কৰে বুলি খেৰবাৰী অঞ্চলৰ লোকে অভিযোগ কৰিছে। সেয়েহে খেৰবাৰী অঞ্চলৰ ৰাইজে অতি শীঘ্ৰে সৰুপথাৰ বিদ্যুৎ সংমণ্ডল কাৰ্যালয়ৰ বিভাগীয় লোক নিজে গৈ মিটাৰ ৰিডিং অনুসৰি উচিত বিল প্ৰদান কৰিবলৈ অনুৰোধ জনাইছে।

Leave A Reply

Your email address will not be published.