Daily Time Axom

পুনেত বৃদ্ধি পাইছে ক’ৰণাৰ সংক্ৰমণ,তৎপৰ জিলা প্ৰশাসন

0 9

ডিজিটেল ডেস্ক: বিগত বছৰটো‌ সমগ্ৰ বিশ্বই ক’ৰণা ভাইৰাছৰ আতংকৰ মাজতে পাৰ কৰিব লগা হ’ল। বৰ্তমান সময়ত পুৰ্বৰ তুলনাত বহু পৰিমানে ক’ৰণাৰ সংক্ৰমণ হ্ৰাস পাইছে। ভাৰতৰ ৰাজ্য সমুহতো ক’ৰণাৰ সংক্ৰমণ হ্ৰাস পাইছে যদিও মহাৰাষ্ট্ৰত হ্ৰাস পোৱা নাই ক’ৰণাৰ সংক্ৰমণ। মহাৰাষ্ট্ৰৰ পুনেত ২৪ ফেব্ৰুৱাৰীৰ পিছৰ পৰা প্ৰতিদিনাই প্ৰায় ১,০০০ গৰাকীকৈ লোক ক’ৰণাত আক্ৰান্ত হৈছে। এইক্ষেত্ৰত জিলা প্ৰশাসনে তৎকালীন ব্যৱস্থা হাতত লোৱা পৰিলক্ষিত হৈছে। ক’ৰণাৰ সংক্ৰমণ প্ৰতি লক্ষ্য ৰাখি পুনে প্ৰশাসনে অহা ১৪ মাৰ্চলৈকে সকলো স্কুল,কলেজ, প্ৰতিষ্ঠান , আৰু ব্যক্তিগত ক’চিং চেন্টাৰ সমুহ বন্ধ কৰাৰ নিৰ্দেশ দিছে।ইয়াৰ লগতে নৈশ আইনো জাৰি কৰিছে পুনে প্ৰশাসনে। উল্লেখ্য যে বিনা কাৰণত বাহি ৰলৈ উলাই যোৱা লোকক কাৰাদণ্ড বিহিব বুলি জিলা প্ৰশাসনে ঘোষনা কৰিছে।

Leave A Reply

Your email address will not be published.