অসমৰ সংগীত জগতত এক অপূৰণীয় ক্ষতি কৰি বৈকুণ্ঠগামী হ’ল লোক সংস্কৃতিৰ গৱেষক প্ৰভাত শৰ্মা
ডিজিটেল ডেস্ক: অসমৰ সংগীত জগতত এক অপূৰণীয় ক্ষতি কৰি বৈকুণ্ঠগামী হ’ল লোক সংস্কৃতিৰ গৱেষক প্ৰভাত শৰ্মা ।মঙলবাৰে পুৱা ৬ বজাত নিগাজীপামৰ নিজা বাসগৃহতে শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট বাঁহীবাদকজনে। বাঁহীবাদনক অন্য এক মাত্ৰা প্ৰদান কৰা শিল্পীজনৰ মৃত্যুত এতিয়া শোকস্তব্ধ হৈ পৰিছে অসমীয়া কলা সংস্কৃতিৰ জগতখন।কেইবাদিনৰ আগৰে পৰাই শাৰীৰিক অসুস্থতাত ভুগি আছিল বিশিষ্ট শিল্পী গৰাকী।বৰপেটাৰ সুন্দৰীদিয়াত ১৯৩৫ চনত জন্ম গ্ৰহণ কৰা প্ৰভাত শৰ্মাৰ অসাধাৰণ প্ৰতিভা দেখি সুধাকন্ঠ ড° ভূপেন হাজৰিকাই ‘গাঁৱৰ ল’ৰা,ভবিষ্যতৰ বন্তি’বুলি মন্তব্য কৰাৰ লগতে কৈছিল, ‘আমাক আৰু বহুত ‘প্ৰভাত’ লাগে’। অসমীয়া সংস্কৃতিক জগতৰ মহীৰূপ স্বৰূপ প্ৰভাত শৰ্মা আছিল একেধাৰে,গায়ক,বাদক, গীতিকাৰ, সুৰকাৰ, আৰু সংগীত পৰিচালক।
সৰুকৈ বকুল ফুল লাহি
সৰিছে বতাহত দেহি
বুটলি আনোতা নাই অ..,
শালিকী অ অবুজন চৰাইজনী..আদি
প্ৰভাত শৰ্মাই সুৰ দিয়া গীত গাইছিল খগেন মহন্ত, অৰ্চনা মহন্তৰ দৰে সংগীত শিল্পীয়ে। অসমীয়া কলা সংস্কৃতিৰ জগতলৈ উল্লেখনীয় অৱদান আগবঢ়োৱা এই অনন্য শিল্পী গৰাকীয়ে ২০০১ চনত ‘শিল্পী দিৱস’ বঁটা লাভ কৰাৰ লগতে ২০০৪ চনত ‘সংগীত নাটক একাডেমী’ বঁটা লাভ কৰিছিল। উল্লেখ্য যে ব্লেকমানী’, ‘সন্তান’, ‘সন্ধ্যাৰাগ’, ‘সাৰথি’, ‘আপোনজন’, ‘মোহমুক্তি’, ‘অনল’, ‘কদমতলে কৃষ্ণ নাচে’, ‘শ্ৰীমন্ত শঙ্কৰদেৱ ‘ ইত্যাদি অসমীয়া ছবিত সংগীত পৰিচালনা কৰিছিল প্ৰভাত শৰ্মাই।ইয়াৰ সমান্তৰালকৈ কামদূৰদৰ্শন কেন্দ্ৰ গুৱাহাটীত প্ৰচাৰিত ধাৰাবাহিক ‘পথৰুঘাটে ৰিঙিয়ায়’ আৰু ‘বৃকোদৰ বৰুৱাৰ বিয়া’ আদিত তেখেতে সংগীত পৰিচালনা কৰিছিল।তেনে এগৰাকী মহান শিল্পীক হেৰুৱাই বৰ্তমান শোকত ভাগি পৰিছে সমগ্ৰ ৰাজ্য।