Daily Time Axom

অংচা জিলদৈ শ্যাম হাইস্কুলত প্ৰাক্তন ছাত্ৰ সমাৰোহ

0 9

ডিজিটেল ডেস্ক: গোলাঘাট জিলাৰ ধনশিৰী মহকুমাৰ এখন আগশাৰীৰ শিক্ষানুষ্ঠান অংচা জিলদৈ শ্যাম হাইস্কুল । ৪২ টা বছৰ গৰকা এইখন বিদ্যালয় জিলাখনৰ ভিতৰতে সুনাম আছে । জিলাখনৰ ভিতৰতে সুনাম থকা ধনশিৰি মহকুমাৰ অংচা জিলদৈ শ্যাম হাইস্কুলত অহা ৬ আৰু ৭ মাৰ্চত অনুষ্ঠিত কৰিবলৈ লৈছে প্ৰাক্তন ছাত্ৰ সমাৰোহ।দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হব লগা প্ৰাক্তন ছাত্ৰ সমাৰোহ ভাগিৰ সফল ৰূপায়ণৰ বাবে ব্যাপক প্ৰস্তুতি অব্যাহত ৰাখিছে প্ৰাক্তন ছাত্ৰ ছাত্ৰী সকলে।সমাৰোহৰ অন্যান্য কাম সমুহৰ সমান্তৰালকৈ বিহু নৃত্যৰ আখৰাতো ছাত্ৰ ছাত্ৰী সকল ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে।প্ৰথম দিনাৰ কাৰ্যসূচীত পতাকা উত্তোলন, স্মৃতি তৰ্পণ, মূল প্ৰৱেশ দ্বাৰ উন্মোচন, গ্ৰন্থমেলা আৰু প্ৰদৰ্শনী দ্বাৰ উন্মোচন, মূল মঞ্চ উন্মোচন, বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰা, স্মৃতিগ্ৰন্থ উন্মোচনৰ লগতে বিভিন্ন প্ৰতিযোগিতা সমুহ অনুষ্ঠিতহব। অনুষ্ঠানত উদীয়মান লেখক’ লাইফ অৱ এ ড্ৰাইভাৰ কেবিনৰ ইপাৰে’ৰ স্ৰষ্টা ৰূপম দত্ত উপস্থিত থাকিব।দ্বিতীয় দিনাৰ কাৰ্যসূচীত শিক্ষক শিক্ষয়িত্ৰী আৰু প্ৰাক্তন ছাত্র ছাত্ৰী সকলৰ মাজত এক অন্তৰংগ আলাপ, ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণ আৰু সোধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তি উন্মোচন, স্মৃতি সৌধ উন্মোচন, মুকলি আৰু সম্বৰ্ধনা সভা অনুষ্ঠিত হব।মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব বিশিষ্ট সাংবাদিক তথা প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়া।অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব ড°দিব্যজোতি মহন্তৰ লগতে আমন্ত্ৰিত কেইবাগৰাকীও বিশিষ্ট অতিথি। সমাৰোহৰ অন্তিমটো কাৰ্যসূচীৰ সাংস্কৃতিক সন্ধিয়াৰ বৰ্ণাঢ্য অনুষ্ঠানত গীতৰ শৰাই আগবঢ়াব জনপ্ৰিয় কন্ঠশিল্পী বৰবিহুৱা খগেন গগৈ আৰু ৰাজীৱ শদিয়াই। প্ৰাক্তন ছাত্ৰ সমাৰোহৰ উক্ত অনুষ্ঠানলৈ বিদ্যালয় খনৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী সকলক সাদৰেৰে নিমন্ত্ৰণ জনোৱাৰ লগতে অনুষ্ঠানটো সফল উদযাপন কৰাৰ ক্ষেত্ৰত সকলো দিশৰ পৰা সহায় সহযোগিতা একান্তই কামনা কৰাৰ কথা সদৰি কৰিছে উদযাপন সমিতিয়ে ।

Leave A Reply

Your email address will not be published.