উৎসৱ মুখৰ পৰিবেশত অংচা জিলদৈ শ্যাম হাইস্কুলত প্রাক্তন ছাত্ৰ সমাৰোহ আৰম্ভ
ডিজিটেল ডেস্কঃআজিৰে পৰা এক উৎসৱ মুখৰ পৰিবেশত ধনশিৰী মহকুমাৰ সৰুপথাৰ ৰজাপুখুৰীৰ অংচা জিলদৈ শ্যাম হাইস্কুল প্ৰাংগণত বিদ্যালয় খনৰ প্ৰাক্তন ছাত্ৰ সমাৰোহ আৰম্ভ হৈছে। তদুপলক্ষে ৪২ বছৰ অতিক্ৰম কৰা বিদ্যালয় খনৰ প্রাক্তন ছাত্ৰ সমাৰোহৰ বৰ্ণিল অনুষ্ঠানটোৰ পুৱা পতাকা উত্তোলন কৰে বিদ্যালয় খনৰ প্ৰাক্তন প্ৰধান শিক্ষক থানেশ্বৰ গগৈ আৰু বৰ্তমানৰ প্ৰধান শিক্ষক কুলধৰ চুতীয়াই ।স্মৃতি তৰ্পণ কৰে বিদ্যালয় খনৰ পৰিচালনা আৰু উন্নয়ন সমিতিৰ প্ৰাক্তন সভাপতি গোপীনাথ বাইলুংয়ে ।ইয়াৰ পিছতে অনুষ্ঠিত গ্ৰন্থমেলা আৰু প্ৰদৰ্শনী দ্বাৰ উন্মোচন কৰে বিদ্যালয় খনৰ প্ৰাক্তন শিক্ষক অৱনী কান্ত শ্যামে।সমাৰোহৰ মূলমঞ্চ উন্মোচন কৰে প্রাক্তন প্ৰধান শিক্ষক ৰত্নেশ্বৰ শ্যামে।বিদ্যালয় খনৰ বৰ্তমানৰ ছাত্ৰ ছাত্ৰী, প্রাক্তন ছাত্ৰ ছাত্ৰী আৰু স্থানীয় ৰাইজে উলিওৱা
বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা উদ্ধোধন কৰে গোলাঘাট দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰৱক্তা দীনেশ গগৈয়ে। ইয়াৰ পিছতে বিদ্যালয় খনৰ প্রাক্তন ছাত্র সমাৰোহ উপলক্ষে নিলম চন্দ্ৰ বৰাৰ সম্পাদনাত আটক ধুনীয়াকৈ প্ৰকাশ কৰি উলিওৱা “এনাজৰী ” নামৰ এখন স্মৃতি গ্ৰন্থ আনুষ্ঠানিক ভাৱে উন্মোচন কৰে বিশিষ্ট লেখক তথা লাইফ অব এ ড্ৰাইভাৰ, কেবিনৰ ইপাৰে খ্যাত ৰূপম দত্তই। শিক্ষক ৰঞ্জন মহন্ত আৰু স্মৃতি গ্ৰন্থৰ সম্পাদক নিলম চন্দ্ৰ বৰাই আঁত ধৰা অনুষ্ঠানত কাজিৰঙা বঁটা প্ৰাপক সৰুপথাৰৰ সাংবাদিক তুলসী চুতীয়া, বিশিষ্ট কবি তথা লেখক মহেশ্বৰ বসুমতাৰী,প্ৰাক্তন প্ৰধান শিক্ষক থানেশ্বৰ গগৈ, গোপীনাথ বাইলুং, ৰত্নেশ্বৰ শ্যাম, পুলিন দুৱৰা, সাংবাদিক দ্বীপেন বৰা সহ ভালেকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে।ইয়াৰ পিছতে ছাত্ৰ ছাত্ৰী সকলৰ মাজত সাহিত্য প্ৰতিযোগিতা অনুষ্ঠিত হয়।সন্ধিয়া বন্তি প্ৰজ্বলনৰ পিছতে বাপুকণ শ্যামৰ সোঁৱৰণত প্ৰাক্তন ছাত্ৰ ছাত্ৰী সকলৰ মাজত এক বিচিত্ৰানুষ্ঠান অনুষ্ঠিত হয়। ইফালে কাইলৈ শিক্ষক শিক্ষয়িত্ৰী আৰু প্ৰাক্তন ছাত্ৰ ছাত্ৰী সকলৰ মাজত অন্তৰংগ আলাপ অনুষ্ঠান অনুষ্ঠিত হোৱাৰ পিছতে বিয়লি ডঃ সৰ্বপল্লী ৰাধা কৃষ্ণণ, সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকা আৰু বিদ্যালয়ৰ মূল প্ৰৱেশ দ্বাৰ উন্মোচনৰ এক অনুষ্ঠানৰ পিছতে মুকলি সভা অনুষ্ঠিত হব। অনুষ্ঠানত প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়া, কৃষ্ণ কান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ ডীন ডঃ দিব্যজ্যোতি মহন্ত সহ ভালেকেইজন বিশিষ্ট ব্যক্তিয়ে অংশ গ্ৰহণ কৰিব।সন্ধিয়ালৈ কণ্ঠ শিল্পী খগেন গগৈ আৰু ৰাজীৱ শদিয়াৰ দ্বাৰা গীতৰ অনুষ্ঠান অনুষ্ঠিত হ’ব ।