ডিজিটেল ডেস্কঃ ৬ মাৰ্চৰ পৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা সৰুপথাৰ অংচা জিলদৈ শ্যাম হাইস্কুলৰ প্ৰাক্তন ছাত্র সমাৰোহ যোৱা নিশা বৰ্ণিল সাংস্কৃতিক অনুষ্ঠানেৰে সফল সামৰণি পৰে। ৪২ বছৰ অতিক্ৰম কৰা বিদ্যালয় খনৰ প্ৰাক্তন ছাত্র সমাৰোহৰ বৰ্ণিল অনুষ্ঠানটোৰ প্ৰথম দিনা প্ৰতিটো কাৰ্যসূচী সুচাৰুৰূপে সম্পন্ন হোৱাৰ পিছত কালি অন্তিম দিনা পুৱা পৰিবেশ নিকাকৰণৰ পিছতে শিক্ষক কুলধৰ গগৈ আৰু ৰশ্মি শ্যামৰ সঞ্চালনাত শিক্ষক শিক্ষয়িত্ৰী আৰু প্ৰাক্তন ছাত্ৰ ছাত্ৰী সকলৰ মাজত এক অন্তৰংগ আলাপ অনুষ্ঠান অনুষ্ঠিত হয়।বিয়লি বিদ্যালয় খনত আটক ধুনীয়াকৈ নিৰ্মাণ কৰি উলিওৱা ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণ, সোধাকণ্ঠা ডঃ ভূপেন হাজৰিকা আৰু স্মৃতি সৌধ আনুষ্ঠানিক ভাৱে উন্মোচন কৰে বিশিষ্ট সাংবাদিক তথা প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াই।ইয়াৰ পিছতে অনুষ্ঠিত মুকলি সভাত সভাপতিত্ব কৰে দেৰগাঁৱৰ সংগীত একাডেমিৰ সদস্য প্ৰবিত্র প্ৰাণ বৰাই।উদযাপন সমিতিৰ সম্পাদক বিকাশ বৰাই আঁত ধৰা সভাতমুখ্য অতিথি হিচাপে উপস্থিত থাকি ভাষণ আগবঢ়াই বিশিষ্ট সাংবাদিক তথা প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াই। অনুষ্ঠানত বিশিষ্ট শিক্ষাবিদ সিদ্ধেশ্বৰ শইকীয়া, নৰেন চুতীয়া, অংচা জিলদৈ শ্যাম হাইস্কুলৰ প্ৰধান শিক্ষক কুলধৰ চুতীয়া, প্ৰাক্তন প্ৰধান শিক্ষক থানেশ্বৰ গগৈ সহ ভালেকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে।সন্ধিয়া সাংস্কৃতিক অনুষ্ঠানেৰে বিদ্যালয় খনৰ প্ৰাক্তন ছাত্ৰ সমাৰোহৰ সফল সামৰণি পৰে।