Daily Time Axom

আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষ্যে মহিলা বিশ্ববিদ্যালয়ৰ ফেশ্বন ডিজাইন এণ্ড টেকন’লজি বিভাগৰ বিশেষ কাৰ্যসূচী

0 10

ডিজিটেল ডেস্কঃআন্তৰ্জাতিক মহিলা দিৱসৰ লগত সংগতি ৰাখি ৬/০৩/২০২১ তাৰিখ শনিবাৰে যোৰহাটৰ ৰৰৈয়াত অৱস্থিত অসমৰ একমাত্ৰ মহিলা বিশ্ববিদ্যালয়ত এখন প্ৰদৰ্শনী আৰু বিক্ৰীমেলা দিনযোৰা কাৰ্য্যসূচীৰে আয়োজন কৰা পৰিলক্ষিত হয়। বিশ্ববিদ্যালয়খনৰ ফেশ্বন ডিজাইন এণ্ড টেকনলজি বিভাগে আৰু উত্তৰ পূৰ্বাঞ্চলৰ আগশাৰীৰ স্বেচ্ছাসেৱী সংগঠন স্নেহপদৰ সহযোগত অনুষ্ঠিত কৰা প্ৰদৰ্শনীখনত হস্ততাঁত বস্ত্ৰ, মৰাপাট আৰু বাঁহ-বেতৰ সামগ্ৰী, সতেজ জৈৱিক পাচঁলি, কেচুসাৰৰ লগতে ফেশ্বন ডিজাইন এণ্ড টেকনলজি বিভাগৰ প্ৰাক্তন ছাত্ৰী সমূহে শিক্ষাবৰ্ষত তৈয়াৰ কৰা ড্ৰেচসমূহো প্ৰদৰ্শনীৰ লগতে বিক্ৰীৰ কাৰণে ৰখা হয়।
অসম মহিলা বিশ্ববিদ্যালয়ৰ ফেশ্বন ডিজাইন এণ্ড টেকনলজি বিভাগৰ বিভাগীয় মুৰব্বী ড° পমীমা দুৱৰা আৰু স্নেহপদৰ প্ৰকাশ কুমাৰ ঠাকুৰ আৰু ময়ুৰী শৰ্মা ঠাকুৰৰ তত্ত্বাৱধানত অনুষ্ঠিত কৰা প্ৰদৰ্শনী মেলাখন বন্তি প্ৰজ্বলনেৰে শুভ উদ্বোধন কৰে বিশ্ববিদ্যালয়খনৰ ভাইচ চেঞ্চেলৰ ড° অশোক ভট্টাচাৰ্যই । উক্ত অনুষ্ঠানটোত বিশ্ববিদ্যালয়খনৰ শৈক্ষিক পঞ্জীয়ক লক্ষ্মীকান্ত হাজৰিকা, উত্তৰ পূৰ্বাঞ্চলৰ বিজ্ঞান প্ৰযুক্তি সংস্থা(NEIST)ৰ বৈজ্ঞানিক দিপাংকৰ নেওগ, অসম কৃষি বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপিকা মঞ্জু দত্ত, অধ্যাপক বুলবুল বৰুৱা, স্নেহপদৰ সভাপতি গকুল শৰ্মাৰ লগতে আৰু বহু গণ্য- মান্য ব্যক্তি উপস্থিত থাকে। এই প্ৰদৰ্শনী মেলাত শতাধিক লোকে অংশগ্ৰহণ কৰে। লগতে স্নেহপদ আৰু মহিলা বিশ্ববিদ্যালয়ৰ ফেশ্বন ডিজাইন এণ্ড টেকনলজি বিভাগৰ মহিলা সবলীকৰণৰ এই সুন্দৰ পদক্ষেপক সকলোৱে একেমুখে শলাগে।

Leave A Reply

Your email address will not be published.