Daily Time Axom

প্ৰসিদ্ধ ভাৰতীয় প্ৰফেছাৰ তথা বৈজ্ঞানিক উদুপী ৰামচন্দ্ৰ ৰাওৰ আজি ৮৯ সংখ্যাক জন্ম দিন।

0 7

ডিজিটেল ডেস্কঃ প্ৰসিদ্ধ ভাৰতীয় প্ৰফেছাৰ তথা বৈজ্ঞানিক উদুপী ৰামচন্দ্ৰ ৰাওৰ আজি ৮৯ সংখ্যাক জন্ম দিন। প্ৰফেছাৰ ৰাও ভাৰতীয় মহাকাশ বৈজ্ঞানিক হোৱাৰ লগতে ভাৰতীয় মহাকাশ অনুসন্ধান সংগঠন(ISRO) ৰ অধ্যক্ষ আছিল। প্ৰফেছাৰ ৰাও আছিল ভাৰতৰ প্ৰথম গৰাকী মহাকাশ বিজ্ঞানী, যিজনে ২০১৩ চনত ‘Satellite Hall of the Fame’ আৰু ২০১৬ চনত ‘IAAF Hall of Fame’সন্মিলনত অংশ লৈছিল।এই গৰাকী প্ৰসিদ্ধ বৈজ্ঞানিকে ১৯৩২ চনৰ আজিৰ দিনটোত অৰ্থাৎ ১০ মাৰ্চ তাৰিখে কৰ্ণাটকত জন্ম গ্ৰহণ কৰিছিল।ভাৰতে তেওঁৰ নেতৃত্বতে ১৯৭৫ চনত প্ৰথম উপগ্ৰহ ‘আৰ্যভট্ট’ক মহাকাশত সফলভাৱে পক্ষেপণ কৰিছিল। প্ৰফেছাৰ ৰাওয়ে মহাকাশ বিজ্ঞানলৈ আগবঢ়োৱা অৱদানৰ বাবে ভাৰত চৰকাৰে তেওঁক ১৯৭৬ চনত দেশৰ তৃতীয় সৰ্বোচ্চ নাগৰিক সন্মান ‘পদ্ম ভুষণ’ আৰু ২০১৭ চনত ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ নাগৰিক সন্মান ‘পদ্ম বিভূষণ’ সন্মানেৰে সন্মানিত কৰিছিল।ভাৰতৰ বহুতো লোকে আজিও তেখেতক ‘ভাৰতৰ চেটেলাইট মেন’ বুলি সোঁৱৰণ কৰে। এইগৰাকী প্ৰসিদ্ধ বৈজ্ঞানিকৰ ২০১৭ চনৰ ২৪ জুলাইত মৃত্যু হয়।

Leave A Reply

Your email address will not be published.