ডিজিটেল ডেস্কঃ ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে গৃহ সমষ্টি মৰিয়নিৰ পৰা প্ৰাৰ্থীত্বৰ মনোনয়ন প্ৰত্যাহাৰ কৰা খবৰে উৎফুল্লিত কৰি তুলিছে বিধায়ক ৰূপজ্যোতি কুৰ্মীক।গৃহ সমষ্টি মৰিয়নিত ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ প্ৰতিদ্বন্দ্বিতাই বিধায়ক ৰূপজ্যোতিৰ ভোট বেংকত খহনীয়াৰ সৃষ্টি কৰাটো নিশ্চিত হৈ পৰিছিল।মৰিয়নি সমষ্টিৰ পৰা অখিল গগৈয়ে মনোনয়ন প্ৰত্যাহৰ কৰা পাছতে সাংবাদিকৰ আগত বিধায়ক ৰূপজ্যোতিয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। বিধায়ক গৰাকীয়ে অখিল মাতৃৰ প্ৰতি যি শ্ৰদ্ধা ভক্তি আছিল তাৰ প্ৰতিদান স্বৰূপে এই সন্মান পোৱা বুলি উল্লেখ কৰে।আনহাতে বিধায়ক গৰাকীয়ে অখিল গগৈক ধন্যবাদ জ্ঞাপন কৰা লগতে শিৱসাগৰত অখিল গগৈ জয়ী হৈ মহাজোটত চামিল হ’ব বুলি মন্তব্য কৰে।ইফালে শিৱসাগৰ সমষ্টিৰ পৰা কংগ্ৰেছ প্ৰাৰ্থী শুভমিত্ৰ গগৈৰ মনোনয়ন প্ৰত্যাহাৰৰ ক্ষেত্ৰত বহুত পলম হ’ল বুলি কয় বিধায়ক গৰাকীয়ে। আনহাতে অখিল গগৈৰ প্ৰতিদ্বন্দ্বিতাৰ বাবে ৰূপজ্যোতিয়ে ভোট পোৱাক লৈ ভয় কৰি আছিল বুলি প্ৰকাশ কৰা লগতে মনোনয়ন প্ৰত্যাহাৰৰ পাছত বিধায়ক গৰাকীয়ে বিজেপি প্ৰাৰ্থী ৰমনী তাঁতীতকৈ ১০ হাজাৰো অধিক ভোটত জয়ী হ’ব বুলি মত প্ৰকাশ কৰে।