ডিজিটেল ডেস্কঃ আমেৰিকাৰ মহাকাশ সংগঠন নাছাই বিশ্ববাসীলৈ অলপতে প্ৰেৰণ কৰিছে এক বিশেষ বাৰ্তা।নাছাই সদৰি কৰিছে যে এটা তীব্ৰবেগী উল্কাপিণ্ড পৃথিৱীৰ দিশে গতি কৰিছে। মহাকাশ বিজ্ঞানীসকলৰ পৰ্যবেক্ষণ অনুসৰি বৰ্তমান সময়লৈকে দেখা উল্কাপিণ্ড সমুহৰ ভিতৰত এইটো আটাইতকৈ ডাঙৰ উল্কাপিণ্ড। উল্লেখ্য যে চলিত মাহৰ ২১ মাৰ্চৰ দিনা উক্ত উল্কাপিণ্ডটো পৃথিৱীৰ নিচেই কাষ চাপিব বুলি সদৰি কৰিছে বিজ্ঞানীমহলে।এই উল্কাপিণ্ডটো বিশ বছৰৰ পুৰ্বে অৰ্থাৎ ২০০১চনতে আৱিষ্কাৰ হৈছিল।২০০১ চনৰ FO32 উল্কাপিণ্ডৰ গতিমাত্ৰা প্ৰতি ঘন্টাত ৭৭,০০কিলোমিটাৰ।ইয়াৰ লগতে বিজ্ঞানীমহলৰ তথ্য অনুসৰি ২০২১ৰ উল্কাপিণ্ডটোৰ পৃথিৱীৰ পৰা দূৰত্ব হ’ব ১.২৫ মিলিয়ন। উল্লেখ্য যে পৃথিৱী অনুসন্ধান কেন্দ্ৰৰ নিৰ্দেশকৰ তথ্য অনুসৰি উক্ত উল্কাপিণ্ডটো আকাশৰ দক্ষিণ দিশত দেখিবলৈ পাব। আৰু ইয়াক চাবলৈ ষ্টাৰ চাৰ্তৰ প্ৰয়োজন হ’ব।