শালমইনাৰ সমস্যাৰ পৰা নিজকে বচাই ৰখাৰ কেইটামান ঘৰুৱা আৰু সহজ উপায়

ডিজিটেল ডেস্কঃ আমি নিজকে সুন্দৰ কৰি ৰাখিলেহে মন বোৰ আনন্দিত হৈ থাকে। গতিকে জীয়াই থকা দিনকেইটাত প্ৰথমে নিজকে সুন্দৰকৈ সজাই ৰখাটো আমাৰ বাবে প্ৰধান কাম। কিন্তু বৰ্তমান সময়ত বহুতে সৌন্দৰ্যৰ ক্ষেত্ৰত বহুতো সমস্যাৰ সন্মুখীন হয়।তাৰ‌ ভিতৰত এটা হৈছে শালমইনাৰ সমস্যা।শালমইনাৰ সমস্যাৰ পৰা আপুনি কেইটামান সহজ আৰু ঘৰুৱা উপায়েৰে বাচি থাকিব পাৰিব।চাওক কেনেকৈ?
শালমইনা হৈছে আমাৰ মুখত সততে দেখা দিয়া এটা ফুহা বা গুটি। বহুত সময়ত হ’ৰমন,আমি খোৱা খাদ্য বা মুখখন অধিক তেলীয়া হোৱা আৰু এনেকুৱা বহুতো কাৰণৰ বাবে শালমইনাৰ সমস্যাই দেখা দিয়ে।সততে ১১ বছৰৰ পৰা ৩৫ বছৰৰ মাজৰ সময়ছোৱাত এই সমস্যাই অধিক গা কৰি উঠা পৰিলক্ষিত হয়।
১/তেলীয়া ছালৰ গৰাকীয়ে দিনে প্ৰায় দুবাৰ মুখখন ধুৱাটো অতি প্ৰয়োজনীয়।
২/হাতখন সঘনাই মুখলৈ নিব নালাগে।তেনে কৰিলে হাতত লাগি থকা বিভিন্ন বিজাণু সমুহ মুখত লাগি শালমইনাৰ সৃষ্টি হয়। সেইকাৰণে যিমান পাৰি হাতখন মুখৰ পৰা আঁতৰাই ৰাখিব লাগে।
৩/মুখত শালমইনা উঠিলে হাতৰ বা নখ লগাই ফুটুৱাই বা ভাঙি দিব নালাগে।তেনে কৰিলে আৰু শালমইনাৰ সৃষ্টি হোৱাৰ লগতে সেই ঠাইত দাগ থাকি যোৱাৰ সম্ভাৱনা অধিক থাকে।
৪/মানসিক চাপ বাঢ়িলেও মুখত শালমইনা উঠে। সেইকাৰণে চাপৰ পৰা যিমান পাৰি উলাই থাকিব লাগে।
৫/শালমইনা সমস্যাৰ পৰা নিজকে বচাই ৰাখিবলৈ পানী খোৱাটোও খুউব জৰুৰী। কমলা টেঙা,মৌচুম্বী,তৰমুজ,টিয়হ আদিয়ে আমাৰ ছাল ভালে ৰখাত যথেষ্ঠ সহায় কৰে।
৬/শালমইনাৰ পৰা নিজকে বচাই ৰাখিবলৈ হ’লে নিমপাতৰ ব্যৱহাৰ খুউব বেছি ভাল।নিমপাতে বিজানুৰ পৰা আমাক বচাই ৰাখে।
এইকেইটা আছিল আপুনি সহজে কৰিব পৰা ঘৰুৱা উপায়।এই সাধাৰণ তথা ঘৰুৱা উপায় সমুহে আপোনাক শালমইনাৰ দৰে এটা ডাঙৰ সমস্যাৰ পৰা বচাই ৰখাত যথেষ্ঠ সহায় কৰে।

Comments (0)
Add Comment