Daily Time Axom

হৃদৰোগত আক্রান্ত হোৱাৰ পূৰ্বৰ কিছুমান লক্ষণৰ বিষয়ে জানো আহক

0 6

ডিজিটেল ডেস্কঃ সমগ্র বিশ্বতেই যেন এতিয়া মানুহৰ অকাল মৃত্যুৰ কাৰণ হৈ পৰিছে হৃদৰোগ আৰু ষ্ট্ৰ’ক। সাধাৰণতে হৃদযন্ত্রত তেজৰ চলাচল কমি গ’লে বা বন্ধ হ’লেই এজন লোক হৃদৰোগত আক্ৰান্ত হয় । ইয়াৰোপৰি সিৰা-উপসিৰাসমূহত তেজৰ চলাচল বন্ধ হ’লেও লোক এজনৰ হাৰ্টএটেক হয়। এই হৃদৰোগত আক্রান্ত হোৱাৰো কিছুমান পূৰ্বৰ লক্ষণ আছে। এনে লক্ষণৰ বিষয়ে জ্ঞাত হ’লে হৃদৰোগত আক্রান্ত হৈ অকাল মৃত্যুৰ পৰা হাত সাৰিব পাৰিব। হৃদৰোগত আক্রান্ত হোৱাৰ এমাহ আগৰে পৰা এইসমূহ লক্ষণে দেখা দিয়ে —
(১) ঠাণ্ডা বা ফ্লু’ : হৃদৰোগৰ চিকাৰ হোৱা বহুতকে প্ৰায় এমাহমান আগৰে পৰা ঠাণ্ডা, পানীলগা বা ফ্লু’ত আক্রান্ত হোৱা দেখা যায়।

(২) ঠাণ্ডা ঘাম : দেহৰ পৰা ঘাম নিৰ্গত হোৱা আৰু অত্যন্ত ঠাণ্ডা অনুভৱ হোৱাৰ কাৰণ হৈছে দেহৰ পৰা ৰক্ত প্ৰৱাহ কমি যোৱা। এই ক্ষেত্ৰত সতৰ্ক হোৱা খুবে প্ৰয়োজন।

(৩) বুকুৰ বিষ : বুকুৰ বিষ হৈছে হৃদৰোগৰ এক অন্যতম লক্ষণ। সেইবাবে বুকু, পিঠি বা কান্ধত যদিহে বিষ অনুভৱ হয় তেনেহ’লে লগে লগে চিকিৎসকৰ কাষ চপা উচিত।

(৪) শ্বাসকষ্ট : হাওঁফাওঁত যেতিয়া পৰ্যাপ্ত পৰিমাণে অক্সিজেন আৰু তেজৰ সৰবৰাহ নোহোৱা হয় তেতিয়া শ্বাস-প্রশ্বাসত কষ্ট অনুভৱ হয়। হৃদযন্ত্রৰ সমস্যা থাকিলে হাওঁফাওঁৰ চলাচল তেজৰ চলাচল কমি যায়। ফলত শ্বাস-প্ৰশ্বাসত সমস্যাই দেখা দিয়ে।

(৫) অস্বাভাৱিক শাৰীৰিক দুৰ্বলতা : তেজৰ চলাচল কমি আহিলে বা তেজৰ সৰবৰাহত বাধাৰ সৃষ্টি হ’লে অস্বাভাৱিক দুৰ্বল অনুভৱ হয়। এই লক্ষণে দেখা দিলে চিকিৎসকৰ কাষ চাপিব লাগে।

(৬) বমি, বদহজম, তলপেটত বিষ: বমিৰ ভাৱ, বদহজম, বুকু জ্বলা-পোৰা কৰা বা তলপেটত হোৱা বিষ ও হাৰ্টএটেকৰ পূৰ্বৰ লক্ষণ ।

সংগ্ৰহিত

Leave A Reply

Your email address will not be published.