১ মে’ৰ পৰা আমেৰিকাৰ সকলো লোকে লাভ কৰিব ক’ভিদ ভেকচিন

ডিজিটেল ডেস্ক: বিগত বছৰটো ক’ৰণা ভাইৰাছে সমগ্ৰ বিশ্বতে বিভিষিকাৰ সৃষ্টি কৰিলে।আমেৰিকা যুক্তৰাষ্ট্ৰটো ক’ৰণাই কালৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছিল।ক’ৰণাৰ সন্ত্ৰাসত আমেৰিকাত মৃত্যু হোৱা লোকৰ সংখ্যা ৫ লাখতকৈয়ো অধিক। বৰ্তমান সমগ্ৰ বিশ্বই ক’ৰণাক পৰাভুত কৰিবৰ বাবে ভেকচিন প্ৰদান প্ৰক্ৰিয়া আৰম্ভ কৰিছে।প্ৰথম পৰ্যায়ত আমেৰিকাতো ভাৰতৰ দৰেই চিকিৎসা বিভাগৰ লগত জড়িত লোক সকলক ভেকচিন প্ৰদানৰ ব্যৱস্থা কৰিছিল। শুকুৰবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’বাইডেনে ঘোষনা কৰিছে যে অহা ১ মে’ ৰ পৰা আমেৰিকাৰ সকলো লোকে ভেকচিন লাভ কৰিব। আমেৰিকাত ক’ৰণাৰ সংক্ৰমনে দেখা দিয়াৰ এবছৰ হোৱাৰ পিছতে ৰাষ্ট্ৰপতি জ’বাইডেনে দেশবাসীক সম্বোধন কৰি কয় যে, ভেকচিন গ্ৰহণ কৰিবলৈ যেতিয়াই নিজ নিজ নম্বৰ পৰে তেতিয়াই যাতে সকলোৱে ভেকচিন গ্ৰহণ কৰে।ইয়াৰ লগতে তেখেতে কয় যে অহা ৪ জুলাইৰ পৰা আমেৰিকাত সৰু সৰু সভা সমিতি সমুহ আয়োজন কৰিবলৈ চৰকাৰে অনুমতি প্ৰদান কৰিব।

Comments (0)
Add Comment