Daily Time Axom

আপুনি মুখত ক’লা দাগ পৰা সমস্যাৰ সন্মুখীন হৈছে নেকি?চাওক কেনেকৈ নোহোৱা কৰিব মুখৰ ক’লা দাগ

0 299

ডিজিটেল ডেস্কঃ নিজকে সুন্দৰ কৰি ৰাখাটো আমাৰ প্ৰধান কাম। কিন্তু নিজকে সুন্দৰ আৰু সতেজ কৰি ৰাখিবলৈ যাওতেও বহু সময়ত আমি উজুতি খাও। বিভিন্ন সমস্যাৰ সন্মুখীন হও।সেই সমস্যা সমুহৰ ভিতৰত মুখত ক’লা দাগ পৰা সমস্যাটোৱেও বহু সময়ত আমাক বিপদত পেলায়। বহু সময়ত আমাৰ মুখত থকা কোষবোৰ দুৰ্বল হৈ পৰাৰ বাবেও আমাৰ মুখত ক’লা দাগ পৰে।অথবা অতিমাত্ৰা সূৰ্য্যৰ পোহৰ পালেও মুখত ক’লা দাগৰ সৃষ্টি হয়। ইয়াৰ লগতে আমাৰ মুখত দেখা দিয়া শালমইনা সমুহ আমি নখ লগাই চেপি দিয়াৰ ফলতো মুখত ক’লা দাগৰ সৃষ্টি হয়।এই কাৰণসমুহৰ উপৰিও বিভিন্ন ছালৰ ৰোগৰ বাবেও ক’লা দাগৰ সমস্যাই দেখা দিয়ে।এই ক’লা দাগ সমুহ নোহোৱা কৰাৰ কেইটামান ঘৰুৱা আৰু সহজ উপায় আপোনালোকলৈ আগবঢ়ালোঁ।
১/মুখত পৰা ক’লা দাগ আঁতৰাবলৈ আপুনি এল’ভেৰাৰ সহায় ল’ব পাৰে।এল’ভেৰাই মুখৰ ক’লা দাগ আঁতৰোৱাত যথেষ্ঠ সহায় কৰে।
২/আমি খাবলৈ ব্যৱহাৰ কৰা চাহ অলপ গৰম পানীত চাকনিৰে চাকি সেই পানীখিনি অলপ অলপ কৈ কপাহত লগাই আপোনাৰ মুখত থকা ক’লা দাগ সমুহত লগাব পাৰে।এনে কৰিলেও ক’লা দাগ সমুহ আতঁৰাত সহায় হ’য়।
৩/বিলাহী ও আমাৰ ছালৰ বাবে অতি উপযোগী।ঘৰতে বিলাহীৰ পেষ্ট অলপ বনাই মুখত সানিলে ক’লা দাগ আঁতৰোৱাত সহায় হ’য়।বিলাহীৰ পেষ্টটোৰ লগত যদি আপুনি দুটোপাল olive oil দি দিয়ে তেন্তে ই বেছি ক্ষিপ্ৰতাৰে কাম কৰে।
৪/আমাৰ সকলোৰে ঘৰত সহজে পোৱা মচুৰ দালিয়েও ক’লা দাগ আঁতৰোৱাত সহায় কৰে।মচুৰ দালিৰ পেষ্ট বনাই মুখত সানিলে ক’লা দাগ আঁতৰে।
এই সহজ উপায় কেইটাৰ পৰা সুফল পাবলৈ আপুনি নিয়মীয়াকৈ প্ৰায় এমাহ মান কৰিব। উল্লেখযোগ্য যে ছাল উজ্বল আৰু সতেজ কৰি ৰাখিবলৈ হ’লে আমি ছালৰ যত্ন লোৱাটো অতি প্ৰয়োজনীয়।ছালখন শুকান হ’বলৈ নিদিয়াটোৱেই ভাল।ইয়াৰ লগতে যিমান পাৰি মছলা জাতীয় খাদ্য সেৱনৰ পৰা নিজকে বিৰত
ৰাখক। সেউজীয়া শাক পাচলি আৰু পানী খোৱাটো দৈনন্দিন অভ্যাসলৈ পৰিণত কৰক।দেখিব আপুনি সুন্দৰ হোৱাৰ লগতে সুস্বাস্থ্যৰ অধিকাৰী হৈছে।

Leave A Reply

Your email address will not be published.