প্ৰাপ্য আদায়ৰ দাবীত সৰুপথাৰত নিৰ্মাণ শ্ৰমিকৰ বৃহৎ সমদল শ্ৰম আয়ুক্তলৈ স্মাৰক পত্ৰ প্ৰেৰণ

ডিজিটেল ডেস্কঃ ৰাজ্যত প্ৰথম পৰ্যায়ত অহা ২৭মাৰ্চত অনুষ্ঠিত হ’ব লগা বিধানসভা নিৰ্বাচনৰ বাবে প্ৰতিটো ৰাজনৈতিক দল তথা নিৰ্দলীয় প্ৰাৰ্থীসকলে ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ সময়তে বুধবাৰে গোলাঘাট জিলাৰ সৰুপথাৰত নিজৰ প্ৰাপ্য আদায়ৰ দাবীত নিৰ্মাণ শ্ৰমিকসকলে এক বৃহৎ শ্ৰমিক সমদল বাহিৰ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।অসম গৃহ আৰু অন্যান্য নিৰ্মাণ শ্ৰমিক কল্যাণ পৰিষদৰ অন্তৰ্গত গোলাঘাট প্ৰগতি নিৰ্মাণ শ্ৰমিক ইউনিয়নৰ উদ্যোগত নিৰ্মাণ শ্ৰমিকসকলে এই শ্ৰমিক সমদল কাৰ্যসূচী বাহিৰ কৰে। ইয়াৰ পিছতে নিৰ্মান শ্ৰমিক সকলে সৰুপথাৰৰ ৰাজহুৱা খেলপথাৰত এক শ্ৰমিক সভা অনুষ্ঠিত কৰে।সভাত সভাপতিত্ব কৰে গোলাঘাট প্ৰগতি নিৰ্মাণ শ্ৰমিক ইউনিয়নৰ সভাপতি ৰতন দেৱে।নিতুল ৰাজবংশী, সুপ্রতিম বৰা, প্ৰেম বাহাদুৰ থাপা, গৌতম বড়ো সহ ভালেকেইজন শ্ৰমিক নেতা উপস্থিত থকা উক্ত সভাত নিৰ্মাণ শ্ৰমিক সকলে সৰুপথাৰ শ্ৰম পৰিদৰ্শক কাৰ্যালয়ত শ্ৰম পৰিদৰ্শক নিযুক্তি দিয়া,শ্ৰমিক সকলৰ বছৰি স্বাস্থ্য পৰীক্ষা, চিকিৎসা সাহায্য, শ্ৰমিকসকলৰ সন্তানৰ এককালীন শিক্ষা বৃত্তিৰ ধন, মহিলা শ্ৰমিকৰ প্ৰসূতি সাহায্য, শ্ৰমিকসকলৰ পেন্সনৰ সাহায্য, শ্ৰমিকৰ মৃত্যুৰ ক্ষেত্রত পাব লগা আদি বিভিন্ন সাহায্য শীঘ্রে মোকোলাই দিবলৈ চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক দাবী জনায়।ইয়াৰ পিছতে নিৰ্মান শ্ৰমিক সকলে ৰতন দেৱ আৰু প্ৰেম বাহাদুৰ থাপাৰ দ্বাৰা স্বাক্ষৰিত তেওঁলোকৰ ৯ দফীয়া দাবী সম্বলিত এখন স্মাৰক পত্ৰ ধনশিৰী মহকুমাৰ মহকুমাধিপতিৰ যোগেদি অসম চৰকাৰৰ শ্ৰম আয়ুক্তলৈ প্ৰেৰণ কৰে।
উল্লেখ্য যে, কেইবা সহস্ৰাধিক নিৰ্মাণ শ্ৰমিক উপস্থিত থকা উক্ত সভাত নিৰ্মাণ শ্ৰমিকসকলে দীৰ্ঘদিনৰ পৰা পাবলৈ থকা তেওঁলোকৰ প্ৰাপ্য সাহায্য সমূহ আদায় পাবলৈ অসম চৰকাৰৰ ওচৰত দীৰ্ঘদিনৰ পৰা দাবী জনায় অহাৰ পিছতো চৰকাৰে কোনো গুৰুত্ব নিদিয়াত তীব্ৰ ক্ষোভ প্রকাশ কৰে। লগতে আগন্তুক বিধানসভা নিৰ্বাচনত নিৰ্মাণ শ্ৰমিকসকলে ইয়াৰ যোগ্য প্ৰত্যুত্তৰ দিব বুলি হুংকাৰ প্ৰদান কৰে।

Comments (0)
Add Comment