ডিজিটেল ডেস্কঃ আমি নিজকে সজাই সুন্দৰ কৰি ৰাখি ভাল পাওঁ। কিন্তু নিজকে সুন্দৰ কৰি ৰখাৰ পথটোত কোনো কোনো সময়ত আমি বিপদত পৰো। অৰ্থাৎ আমি কিছুমান সমস্যাত ভুগো।আমি বহুতে প্ৰায়েই সন্মুখীন হোৱা এটা সমস্যা হ’ল চকুৰ গুৰি ক’লা পৰা।বয়সজনিত কাৰণৰ পৰা আৰম্ভ কৰি অধিক মোবাইল,লেপটপ,টিভি চাই থকা,অধিক গোন্ধযুক্ত ক্ৰিম বা ল’চন ব্যৱহাৰ কৰা আদি কাৰণৰ লগতে চাইনাচাইটিছ ৰোগৰ বাবেও বহুলোকৰ চকুৰ গুৰি ক’লা পৰা পৰিলক্ষিত হয়। আজি আমি আপোনালোকলৈ আগবঢ়াইছো চকুৰ গুৰি ক’লা পৰা সমস্যাৰ কেইবাটামান ঘৰুৱা আৰু সহজ সমাধান।
১/ ৰ’দলৈ ওলোৱাৰ সময়ত যদি চানগ্লাচ বা চশমা ব্যৱহাৰ কৰে তেন্তে এই সমস্যাৰ পৰা বাচি থাকিব পাৰি।
২/আমি খাবলৈ ব্যৱহাৰ কৰা সাধাৰণ টি বেগছ সমুহৰ এটা টি বেগ লৈ কুহুমীয়া পানীত ডুবাই সেইটো চেঁচা হোৱালৈ ফ্ৰিজত ৰাখি চকুকেইটা মুদি টি বেগ টো চকুত ১০ মিনিট সময় লগাই ৰাখিলে চকুৰ গুৰিত পৰা ক’লা দাগ আঁতৰাত সহায় কৰে।
৩/ইয়াৰ আন এটা সমাধান হ’ল টিঁয়হ এটা গোলকৈ কাটি লৈ চকুত অলপ সময় ৰাখি থলে এই সমস্যাৰ পৰা বাচিব পাৰি।
৪/আপুনি যদি চকুত ঠিক টিঁয়হৰ দৰেই আলুৰ টুকুৰা অথবা আলুৰ পেষ্ট বনাই তাৰ ৰসটো চকুৰ গুৰিত সানে তেন্তে এই সমস্যাৰ বাবে সহায়ক হয়।
প্ৰথম পৰ্য্যায়ত উক্ত উপায়কেইটা অৱলম্বন কৰিলে আপুনি সুফল লাভ কৰিব।
যিহেতু এই সমস্যাটো একেদিনাই সমাধান হোৱা সমস্যা নহয় গতিকে ইয়াৰ পৰা পৰিত্ৰান পাবলৈ অলপ সময়ৰ প্ৰয়োজন হ’ব।