Daily Time Axom

আপোনাৰ ছাল উজ্জ্বল আৰু সুন্দৰ কৰি ৰখাৰ কেইটামান ঘৰুৱা আৰু সহজ উপায়

0 13

ডিজিটেল ডেস্কঃ নিজকে সুন্দৰ কৰি ৰাখিলেহে আমাৰ মন বোৰ সুন্দৰ আৰু সতেজ হৈ থাকে।আমি সকলোৱে সুন্দৰ হৈ থকা উচিত।আমাৰ সকলোৱে এখন সুন্দৰ ছালৰ অধিকাৰী হোৱাটো বিচাৰো।কিন্তু এইক্ষেত্ৰত আমি সততে কম বেছি পৰিমানে কিছুমান সমস্যাৰ সন্মুখীন হওঁ।বয়সৰ আগতেই বহুতৰ ছাল সোতোৰা পৰা অথবা ছালত দাগ পৰা আদি বিভিন্ন সমস্যাই দেখা দিয়ে।এই সমস্যা সমুহৰ পৰা বাচি থাকিবলৈ কেইটামান ঘৰুৱা আৰু সহজ উপায় আপোনালোকলৈ আগবঢ়ালোঁ।
১/আমি দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা চেনীৰ পৰিমানটো কমাব লাগিব।চেনীয়ে বয়সতকৈ আগতেই সোতোৰা পৰা আৰু দাগ পৰাত অধিক সহায় কৰে সেয়ে আমি চেনী কম পৰিমানে গ্ৰহণ কৰিব লাগে।
২/ ভিটামিন-C আৰু প্ৰটিনযুক্ত আহাৰ গ্ৰহণ কৰিব লাগে।ভিটামিন-C আৰু প্ৰটিনে আমাৰ ছালখন সতেজ আৰু সুন্দৰ কৰি ৰখাত যথেষ্ঠ অৰিহনা যোগাই।আপোনালোকে যিমান পাৰে প্ৰটিনযুক্ত আহাৰ যেনে ৰাজমাহ,মগু,আৰু ভিটামিন-C যুক্ত,কমলা টেঙা,মৌচুম্বী,কেপচিকাম অথবা কাজিটেঙা আদি খাব পাৰে।
৩/আমাৰ ছাল সতেজ আৰু সুন্দৰ কৰি ৰাখিবলৈ যিকোনো ধৰণৰ বাদাম,ৰঙালাও গুটি অথবা তিল ব্যৱহাৰ কৰিব পাৰো। এইকেইটাই ছাল উজ্বল আৰু সুন্দৰ কৰাত যথেষ্ঠ সহায় কৰে।

Leave A Reply

Your email address will not be published.