Daily Time Axom

দক্ষিণ আমেৰিকাৰ চিলিত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ৰাজেন দাসৰ দ্বাৰা পৰিচালিত “লাইফ ইন এ পাপেট”নামৰ অসমীয়া ছবিখনে লাভ কৰিলে শ্ৰেষ্ঠ ছবিৰ সন্মান।

0 8

ডিজিটেল ডেস্কঃ দক্ষিণ আমেৰিকাৰ চিলিত অনুষ্ঠিত হোৱা ছাউথ ফিল্ম এণ্ড আৰ্টছ্ একাডেমিয়ে আয়োজন কৰা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ৰাজেন দাসৰ দ্বাৰা পৰিচালিত অসমীয়া চলচ্চিত্ৰ ‘লাইফ ইন এ পাপেট’ -এ তথ্য – কাহিনীমূলক পূৰ্ণ্যদৈৰ্ঘ্যৰ চলচ্চিত্র শাখাত শ্ৰেষ্ঠ ছবিৰ সন্মান। ইয়াৰ লগতে ৰাজেন দাসে লাভ কৰিছে শ্ৰেষ্ঠ কাহিনী-চিত্ৰনাট্যৰ বঁটা। আনহাতে বিশিষ্ট সংগীত শিল্পী তৰালি শৰ্মাই ‘লাইফ ইন্ এ পাপেট’ত সংগীত পৰিচালনা কৰি এই মহোৎসৱত লাভ কৰিছে শ্ৰেষ্ঠ সংগীত পৰিচালকৰ বঁটা।
উল্লেখনীয় যে, উক্ত আন্তঃৰাষ্ট্ৰীয় মহোৎসৱত অসমৰ পুতলা নাচৰ বিষয়ক ছবিখনে দেশ-বিদেশৰ বহু সংখ্যক ছবিৰ মাজৰ পৰা জুৰীৰ বাছনিত অফিচিয়েল নমিনেশ্যন লাভ কৰে।
অসমৰ বিলুপ্তপ্ৰায় পুতলা নাচক উপজীৱ্য হিচাপে লৈ নিৰ্মিত চলচ্চিত্রখনৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত পুতলা নাচক আদৰি লোৱা বিষয়টো যথেষ্ট তাৎপৰ্যপূৰ্ণ বুলি মন্তব্য পৰিচালক ৰাজেন দাসৰ।

Leave A Reply

Your email address will not be published.