Daily Time Axom

চলিত বৰ্ষৰ জুন মাহৰ পৰা তিব্বতত চলিব হাই স্পীড বুলেট ট্ৰেইন

0 7

ডিজিটেল ডেস্কঃ চলিত বৰ্ষৰ জুন মাহত চীনে তিব্বতত হাই স্পিড বুলেট ট্ৰেইনৰ যাত্ৰা আৰম্ভ কৰিব তিব্বতৰ পৰা ৪২৫ কিলোমিটাৰ ব্যৱধানত চলিব লগা ট্ৰেইনখন অৰুণাচল প্ৰদেশৰ সীমাৰ পৰা দুৰত্ব হ’ব মাত্ৰ ৫০ কিলোমিটাৰ।চীনৰ প্ৰচাৰ বিভাগৰ এক সংস্থাই সদৰি কৰা অনুসৰি উক্ত ট্ৰেইনখন সম্পুৰ্ণ ইন্টাৰনেল কম্বোচন আৰু বিদ্যুৎৰ দ্বাৰা সঞ্চালিত হ’ব। উল্লেখ্য যে তিব্বতত উক্ত ৰেলৱে লাইন সমুহৰ নিৰ্মান কাৰ্য ২০১৪ চনতে আৰম্ভ কৰা হৈছিল আৰু তথ্য অনুসৰি ২০২০ বৰ্ষত উক্ত নিৰ্মাণ কাৰ্য সম্পুৰ্ণ হৈ উঠে।ইয়াৰ লগতে জুনৰ পৰা আৰম্ভ হ’ব লগা লগতে প্ৰতি ঘন্টাত ১৬০ কিলোমিটাৰ স্পিডত পৰিচালিত হ’ব লগা উক্ত ট্ৰেইনখনেই হ’ব তিব্বতৰ প্ৰথমখন বিদ্যুৎ সঞ্চালিত ট্ৰেইন।

Leave A Reply

Your email address will not be published.