গৰমৰ দিনত আপোনাৰ চুলি খিনি কেনেকৈ ভালে ৰাখিব? চাওক

ডিজিটেল ডেস্কঃ নিজকে সুন্দৰ কৈ ৰাখিবলৈ আমি সকলোৱে বিচাৰো। আৰু নিজকে সুন্দৰ কৰি ৰখাটো অতি প্ৰয়োজনীয়ো। কিন্তু নিজকে সুন্দৰ কৰি ৰাখিবলৈ যাওতে আমি কিছুমান সমস্যাত ভুগো। কিছুমান অসুবিধাৰ সন্মুখীন হওঁ। মহিলাসকলক চুলিয়ে সৌন্দৰ্যবৰ্ধন কৰে বুলি এষাৰ কথা আছে।নিজৰ চুলিখিনি ভালে ৰাখিবলৈ আমি সকলোৱে বিচাৰো যদিও বিভিন্ন সময়ত অসুবিধাৰ সন্মুখীন হওঁ।আজি আমি আপোনালোকলৈ গৰমৰ দিনত চুলি কেনেকৈ ভালে ৰাখিব তাৰ কেইটামান সহজ আৰু ঘৰুৱা উপায় আগবঢ়াইছো।
১/প্ৰতিটো দিনতে চুলি ধুলে বেয়া।গৰমৰ দিনত প্ৰতি দিনে চুলি ধুলে আমাৰ চুলিত যিসমুহ প্ৰাকৃতিক তেল থাকে সেইসমুহ শুকাই যায় ফলত চুলিৰ বিভিন্ন সমস্যাই দেখা দিয়ে।
২/আমি চুলিত চেম্পু কৰাৰ পিছত বহুতেই কণ্ডিচ’নাৰ ব্যৱহাৰ কৰোঁ, কিন্তু চুলি খিনি ধোৱাৰ আগত যদি আপুনি ঘৰুৱা মিঠাতেল অলপ সময় চুলিত লগাই থয় তেন্তে ই উফিৰ সমস্যা দূৰ কৰাৰ লগতে চুলিখিনিলৈ জিলিকনী আনে।
৩/চুলিত যদি অধিক তেলেতীয়া ভাৱে দেখা দিয়ে আৰু চুলিৰ প্ৰাকৃতিক ৰং নোহোৱা হৈছে তেন্তে আপুনি চুলিত দিবলৈ ব্যৱহাৰ কৰা হেনা পাউদাৰত অকনমান ঘৰুৱা দৈ আৰু পানী মিহলাই ব্যৱহাৰ কৰি সাধাৰণ পানীৰে ধুই দিলে চুলিৰ তেলেতীয়া সমস্যা দূৰ হোৱাৰ লগতে চুলিৰ প্ৰাকৃতিক ৰং উভতি আহে।
৪/এই উপায় সমুহৰ উপৰিও চুলি ভালে ৰাখিবলৈ প্ৰটিনযুক্ত আহাৰ খোৱাটো অতি জৰুৰী। সেউজীয়া শাক পাচলি,মগু,খেজুৰ,কণী আদি অতি প্ৰয়োজনীয়।

Comments (0)
Add Comment