পৰ্যটকৰ বাবে মুকলি কাশ্মীৰৰ বিখ্যাত টিউলিপ গাৰ্ডেন।।

ডিজিটেল ডেস্কঃ ভাল খবৰ কাশ্মীৰৰ উধমপুৰস্থিত বিশ্ববিখ্যাত টিউলিপ গাৰ্ডেন অতি সোনকালে দেশ বিদেশৰ পৰ্যটকৰ বাবে মুকলি কৰি দিয়া হ’ব। বিগত বহু দিন ধৰি কৰোণা মহামাৰী কাৰণে বন্ধ হৈ থকাৰ পাছত বৰ্তমান ১.৩ মিলিয়ন টিউলিপেৰে আটকধুনীয়াকৈ সজাই তোলা হৈছে এছিয়া মহাদেশৰ সৰ্ববৃহৎ টিউলিপ ফুলৰ বাগিছাখনি।
উল্লেখযোগ্য যে, ২০০৭ চনতেই কাশ্মীৰৰ পৰ্যটন উদ্যোগতো গঢ়ি তোলাৰ বাবে এই টিউলিপ গাৰ্ডেনৰ সংযোজন কৰা হৈছিল। বৰ্তমান ১২ হেক্টৰ মাটিকালিৰে এই বাগিছা খনত হাইকিণ্ঠ আৰু ডেফডিল নামেৰে আৰু দুবিধ ধুনীয়া ফুলৰ প্ৰজাতিয়ে টিউলিপ গাৰ্ডেন খনৰ বাৰুকৈয়ে শোভাবৰ্ধন কৰিছে।

Comments (0)
Add Comment