বলীউডৰ জনপ্রিয় চিত্ৰনাট্যকাৰ সাগৰ ছাৰহাদী আৰু নাই

ডিজিটেল ডেস্কঃ বলীউডৰ জনপ্রিয় চিত্ৰনাট্যকাৰ তথা কাহিনীকাৰ সাগৰ ছাৰহাদী আৰু নাই। বিগত বহুবছৰ ধৰি হৃদপিণ্ডজনিত ৰোগত আক্রান্ত হৈ থকা চিত্ৰনাট্যকাৰজনৰ মংগলবাৰে পুৱা মুম্বাইৰ এখন চিকিৎসালয়ত শেষ নিঃশ্বাস ত্যাগ কৰে। তেওঁৰ মৃত্যুৰ সময়ত বয়স আছিল ৮৮বছৰ।
উল্লেখ্যনীয় যে, নুৰি , বাজাৰ,কভী কভী, ছিলছিলা,চান্দনী,দিৱানা,কহনা প্যাৰ হ্যায় আদিৰ দৰে জনপ্রিয় চিত্ৰনাট্যকাৰ আছিল সাগৰ ছাৰহাদী। তেওঁৰ প্ৰকৃত নাম গংগা সাগৰ তালোৱাৰ।জন্ম ১৯৩৩ চনত আবোতাবাদত। ছাৰহাদীৰ মৃত্যুয়ে এতিয়া বলীউডতে শোকৰ ছাঁ পেলাইছে।

Comments (0)
Add Comment