মথুৰাত আজি উদযাপন কৰিছে বিশ্বপ্ৰসিদ্ধ ল’থমা ফাকুৱা উৎসৱ
ডিজিটেল ডেস্কঃমথুৰা জিলাৰ বৰছানাত বিশ্বপ্ৰসিদ্ধ ব্ৰজৰ ল’থমাৰ ফাকুৱা উৎসৱ বিশালভাৱে উদযাপন কৰে।উৎসৱৰ বাবে ব্যাপক আয়োজন কৰিছে এইবাৰো।মঙলবাৰে অৰ্থাৎ আজি উদযাপন কৰিছে উক্ত ল’থমাৰ ফাকুৱা উৎসৱ।মঙলবাৰৰ দৰেই বুধবাৰেও ফাকুৱা উদযাপন কৰে নন্দগাৱঁত। উল্লেখ্য যে উক্ত ল’থমাৰ উৎসৱ দৰ্শন কৰিবলৈ বহু দূৰ দূৰণীৰ লোক নন্দগাৱলৈ অহা পৰিলক্ষিত হয়। আৰু এইবাৰো বিভিন্ন লোকৰ আগমণ ঘটিছে নন্দগাঁৱলৈ।পৰম্পৰা অনুসৰি উৎসৱ আয়োজন কৰাৰ আগদিনা দুয়োখন গাঁৱৰে লোকে দুয়োখন গাঁৱলৈ গৈ ইজনে সিজনক ৰঙৰ উৎসৱ ফাকুৱা উদযাপন কৰিবলৈ নিমন্ত্ৰণ জনাই।দুপৰীয়াৰ সময়খিনিত গাঁৱৰ কোনোবা এজন মুৰব্বীক প্ৰথমে নিমন্ত্ৰণ জনাই।ইয়াৰ লগতে উৎসৱৰ শেষত লাড্ডু বিতৰণ কৰে।যিটোক ‘লাড্ডুলীলা’ নামেৰে অভিহিত কৰিছে গাওঁবাসীয়ে।