ডিজিটেল ডেস্কঃবলিউডৰ জনপ্ৰিয় অভিনেতা মিথুন চক্ৰৱৰ্তীয়ে চলিত মাহৰ ৭ তাৰিখে ভাৰতীয় জনতা পাৰ্টীত আনুষ্ঠানিক ভাৱে যোগদান কৰা পৰিলক্ষিত হৈছিল। আনুষ্ঠানিকভাৱে যোগদান কৰাৰ দিনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সতে এক বিশাল জনসভাত অংশগ্ৰহন কৰি অনাগত দিনত বিজেপিৰ হৈ প্ৰচাৰত নামি পৰিব বুলি মক্তব্য ৰাখিছিল। আৰু বৰ্তমান প্ৰথম পৰ্যায়ৰ নিৰ্বাচনলৈ দুদিন থকাৰ পুৰ্বে পশ্চিম বেংগলত বিজেপিৰ প্ৰচাৰত অংশ ল’ব জনপ্ৰিয় অভিনেতা মিথুন চক্ৰৱৰ্তীয়ে। বিশেষকৈ ২৫ মাৰ্চৰ দিনা পশ্চিম বেংগলৰ নিৰ্বাচনী প্ৰচাৰত সক্ৰিয়ভাৱে অংশ ল’ব অভিনেতা গৰাকীয়ে।