মহাৰাষ্ট্ৰত অব্যাহত আছে ক’ৰণাৰ সংক্ৰমণ
ডিজিটেল ডেস্কঃবিগত বছৰটো ক’ৰণা মহামাৰিৰ সন্ত্ৰাসৰ বাবে সমগ্ৰ বিশ্বতে বিভিষিকাৰ সৃষ্টি হৈছিল।মাজৰ সময়খিনিত ক’ৰণা ভাইৰাছৰ সংক্ৰমণ কিছু পৰিমানে নিয়ন্ত্ৰণলৈ আহিছিল যদিও বৰ্তমান বিশ্বত পুনৰ আৰম্ভ হৈছে ক’ৰণাৰ সংক্ৰমণ। বিভিন্ন দেশৰ লগতে ভাৰতৰ বিভিন্ন ৰাজ্যতো আৰম্ভ হৈছে ক’ৰণাৰ সংক্ৰমণ। বিভিন্ন ৰাজ্যৰ লগতে মহাৰাষ্ট্ৰটো অব্যাহত আছে ক’ৰণাৰ সংক্ৰমণ।২৬ মাৰ্চৰ পৰা মহাৰাষ্ট্ৰৰ বীড় জিলাত সম্পূৰ্ণ লকডাউন ঘোষণা কৰিছে মহাৰাষ্ট্ৰ প্ৰশাসনে।ক’ৰণাৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত লৈছে প্ৰশাসনে।বজাৰ, স্কুল আৰু অনান্য প্ৰতিষ্ঠান সমুহ বন্ধ ৰখাৰ নিৰ্দেশ দিয়াৰ সমান্তৰালকৈ জৰুৰীকালীন অৱস্থাৰ বাবে স্বাস্থ্যকৰ্মী সকলক কৰ্মথলীলৈ যোৱাৰ অনুমতি প্ৰদান কৰিছে।