কামৰূপ জিলাত প্ৰশাসনৰ কঠোৰ নিৰ্দেশনা, ৰাজহুৱা স্থানত মাস্ক পিন্ধাটো বাধ্যতামূলক
ডিজিটেল ডেস্কঃবিগত বছৰটোত ক’ৰণাৰ সংক্ৰমণৰ বাবে সমগ্ৰ দেশতে আতংকময় পৰিবেশৰ সৃষ্টি হৈছিল।মাজৰ সময়খনিত কিছুপৰিমানে সংক্ৰমণ ৰোধ হৈছিল যদিও বৰ্তমান পুনৰ আৰম্ভ হৈছে ক’ৰণাৰ সংক্ৰমণ। শেহতীয়াকৈ বিভিন্ন ঠাইত হোৱা ক’ৰণাৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি কামৰূপ জিলা প্ৰশাসনে কঠোৰ নিৰ্দেশনা জাৰি কৰিছে।সকলো লোককে কভিড-১৯ ৰ প্ৰট’কল সমুহ মানি সামাজিক দুৰত্ব বজাই ৰাখি আৰু মাস্ক পৰিধান কৰি নিৰ্বাচনত অংশগ্ৰহণ কৰাৰ নিৰ্দেশ জাৰি কৰিছে। কামৰূপ জিলা প্ৰশাসনৰ দণ্ডাদীশ কৈলাশ কাৰ্তিকৰ নিৰ্দেশনা অনুযায়ী যিকোনো ৰাজহুৱা স্থানলৈ যোৱাৰ সময়ত সকলো লোকে তিনিতৰপীয়া মাস্ক ব্যৱহাৰ কৰাটো বাধ্যতামূলক।ইয়াৰ লগতে তেখেতে এটা কথাও উল্লেখ কৰিছে যে যিসকল লোকে ঘৰতে গামোচাৰ সহায়ত মাস্ক তৈয়াৰ কৰিছে তেওঁলোকেও দুইতৰপীয়াকৈ মাস্কখন তৈয়াৰ কৰি পৰিধান কৰিব পাৰিব।ক’ৰণাৰ সংক্ৰমণ আৰু সুৰক্ষাৰ প্ৰতি গুৰুত্ব আৰোপ কৰি উক্ত নিৰ্দেশনা সমুহ জাৰি কৰিছে কামৰূপ জিলা প্ৰশাসনে।