ডিজিটেল ডেস্কঃ২৬ মাৰ্চৰ পৰা ৩১মাৰ্চলৈকে কাশ্মীৰৰ প’ল’গ্ৰাউণ্ড ইণ্ড’ৰ স্পৰ্টছ কমপ্লেক্সত অনুষ্ঠিত হ’ব লগা নৱম ছাব্ জুনিয়ৰ আৰু জুনিয়ৰ ৰাষ্ট্ৰীয় পেঞ্চাক চিলাট সমৰকলা প্ৰতিযোগিতা – ২০২১ ত অংশগ্রহণ কৰিবলৈ ৩০ গৰাকী খেলুৱৈ আৰু ৭ গৰাকী অফিচিয়েলসহ মুঠ ৩৭জনীয়া অসম দলটি গুৱাহাটীৰ পৰা ইতিমধ্যে ৰাওনা হৈছে। এই ৰাষ্ট্ৰীয় প্ৰতিযোগিতাখনিত ৰাজ্যখনৰ হৈ ক্ৰমে গোলাঘাট জিলাৰ পৰা চিম্পী ডেকা, হীমাদ্রি গগৈ, অনন্যা শইকীয়া, নিষ্ঠাৰাণী শইকীয়া, স্নাহা শইকীয়া, সঞ্চিতা শইকীয়া, হীৰস্ময়ী শইকীয়া, জুবিন গোহাঁই,
বিশ্বনাথ জিলাৰ ৰুদ্ৰ থাপা, কামৰূপ জিলাৰ ৱাছিম আলি, ৰেইহানা চুলতান,
ধেমাজীৰ পৰা ঔম চন্দ্র চেত্ৰী,জয় প্ৰসাদ মল্ল, অতুল দলে, ৰিজু পায়েং,জুপিতৰা টায়ুং,ভাইটী কুলি,
লখিমপুৰ জিলাৰ দিব্য পাতিৰ,আকাশ দলে, টিঙ্কল লাগাচু,চক্ৰধ্বজ পেগু,গোপাল দলে, অনিল দলে, ৰজনী দলে,
বঙ্গাইগাঁও জিলাৰ বিজিত ৰায়, মামনি বৰ্মণ,
চিৰাং জিলাৰ ক্ৰমছাৰ বসুমতাৰী,মেকেঞ্জী নাৰ্জাৰী , নয়নজ্যোতি ব্ৰহ্ম,
নগাঁও জিলাৰ অনুষ্কা পৰাশৰ লগতে টেক্নিকেল অফিচিয়েল ক্ৰমে এলবিষ্টন মাৰাক,গগন চন্দ্র বড়ো,ছফিকুৰ ৰহমান,ভৃগু মিলি, মহেন চন্দ্র ৰায় আৰু ৰাম পেগুক ৪ৰ্থ সদৌ অসম পেঞ্চাক চিলাট প্ৰতিযোগিতাত বাচনি কৰা হৈছিল।