Daily Time Axom

সৰুপথাৰ সমষ্টিত মুঠ ২,৬৬,৮৬৯ গৰাকী ভোটাৰ নিৰ্বাচনৰ বাবে সাজু ধনশিৰী মহকুমা প্ৰশাসন

0 10

ডিজিটেল ডেস্কঃৰাজ্যত অহা ২৭ মাৰ্চত প্ৰথম পৰ্যায়ত অনুষ্ঠিত হব লগা বিধান সভা নিৰ্বাচনৰ বাবে ৰাজ্যৰ প্ৰতিটো ৰাজনৈতিক দলৰ লগতে জিলা তথা মহকুমা প্ৰশাসনৰ নিৰ্বাচনী ব্যস্ততাও ক্ৰমাৎ বৃদ্ধি পাইছে।গোলাঘাট জিলাৰ ৯৪ নং সৰুপথাৰ বিধান সভা সমষ্টিতো আগন্তুক বিধান সভা নিৰ্বাচনৰ দিনটোত কোনো খুঁত নথকাকৈ নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ ধনশিৰী মহকুমা প্ৰশাসনে যুদ্ধংদেহী ৰূপত নিৰ্বাচনী কামকাজ কৰা পৰিলক্ষিত হৈছে। ধনশিৰী মহকুমা প্ৰশাসনে নিৰ্বাচনৰ বাবে ইতিমধ্যে গঠন কৰা প্ৰতিটো চেলৰ কামৰ অগ্ৰগতি বুজ লোৱাৰ লগতে সমষ্টিটোত নিয়োগ কৰা নিৰ্বাচনী পৰ্যবেক্ষক সকলেও প্ৰতি দিনে নিৰ্বাচন সংক্ৰান্তীয় কাম চোৱা চিতা কৰিছে। এইবাৰ ৯৪ নং সৰুপথাৰ বিধান সভা সমষ্টিত কংগ্ৰেছ, বি জে পি , অসম জাতীয় পৰিষদ আৰু নিৰ্দলীয় প্ৰাৰ্থী সহ মুঠ চাৰিগৰাকীয়ে নিৰ্বাচনৰ প্ৰতিদ্বন্দিতাত অৱৰ্তীৰ্ণ হৈছে। সমষ্টিটোত এইবাৰ মুঠ ভোটাৰৰ সংখ্যা হল ২,৬৬,৮৬৯ গৰাকী। ইয়াৰে ১,৩৪,৯৩১গৰাকী পুৰুষ আৰু ১,৩১,৯৩৮ গৰাকী মহিলা ভোটাৰ। সমষ্টিটোত ‘ডি’ ভোটাৰ সংখ্যা হল ১,০৩৭ গৰাকী। ইয়াৰে ৪৩৯ গৰাকী পুৰুষ আৰু ৫৯৮ গৰাকী মহিলা। সমষ্টিটোত চাৰ্ভিছ ভোটাৰ হল ৭২৭ গৰাকী। আনহাতে এইবাৰ নিৰ্বাচনৰ বাবে সৰুপথাৰ সমষ্টিত মুঠ ৩৪৫ টা ভোট কেন্দ্ৰ নিৰ্বাচন কৰা হৈছে। নিৰ্বাচনত ৩৪৫ গৰাকী পুলিং বিষয়া আৰু ৩৪৫ গৰাকী প্ৰিজাইডিং বিষয়া নিয়োগ কৰাৰ লগতে সমষ্টিটোত মুঠ ২৮ টা চেক্টৰ আৰু ৬ টা জ’নত ভাগ কৰা হৈছে। সমষ্টিটোত এইবাৰ ২ টা আদৰ্শ ভোট গ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হৈছে।সমষ্টিটোত স্থাপন কৰা ভোট কেন্দ্ৰ সমূহৰ ভিতৰত আটাইতকৈ কম ভোটাৰ থকা ভোট কেন্দ্ৰ টো হল ইহেখু মেমৰিয়েল স্কুল। ৩০১নং এই ভোট কেন্দ্ৰটোত মুঠ ২৫ গৰাকী ভোটাৰ আছে। ইয়াৰে ১৪ গৰাকী পুৰুষ আৰু ১১ গৰাকী মহিলা ভোটাৰ। আনহাতে সমষ্টিটোৰ আটাইতকৈ বেছি ভোটাৰ থকা ভোট কেন্দ্ৰটো হল জ্যোতিবন এল পি স্কুল। ২৮৫ নং এই ভোট কেন্দ্ৰটোত মুঠ ১৭৫২ গৰাকী ভোটাৰ আছে। কেন্দ্ৰটোত ৮৯৫ গৰাকী পুৰুষ আৰু ৮৫৭ গৰাকী মহিলা ভোটাৰ। ইফালে ধনশিৰী মহকুমা প্ৰশাসনৰ নিৰ্বাচনী বিভাগে আনবাৰৰ দৰে এইবাৰো সৰুপথাৰ মহাবিদ্যালয়ত নিৰ্বাচনৰ বাবে ষ্ট্ৰং ৰুম স্থাপন কৰিছে।

Leave A Reply

Your email address will not be published.