Daily Time Axom

যোৰহাটত NABARDৰ চেনেল পাৰ্টনাৰ আৰু স্টেকহল্ডাৰসকলৰ সমাৰোহ সভা

0 9

ডিজিটেল ডেস্ক: মঙ্গলবাৰে যোৰহাটৰ অজন্তা বাইপাছৰ NH37ত অৱস্থিত হোটেল জিৰণীৰ মুকলি হলঘৰত NABARDৰ চেনেল পাৰ্টনাৰ আৰু স্টেকহল্ডাৰসকলৰ এখন সমাৰোহ সভা অনুষ্ঠিত হয়। যোৰহাট আৰু মাজুলীৰ নাবাৰ্ডৰ দায়িত্বত থকা জিলা উন্নয়ন পৰিচালক কে. ভাইপেই NABARDৰ আঁচনিসমূহ সমাৰোহত উপস্থিত থকা চেনেল পাৰ্টনাৰ আৰু স্টেকহল্ডাৰসকলৰ আগত উপস্থাপন কৰে।উক্ত সমাৰোহখনৰ গুৰি ধৰে অসম মহিলা বিশ্ববিদ্যালয়ৰ ফেশ্বন ডিজাইন এণ্ড টেকনলজি বিভাগৰ বিভাগীয় মুৰব্বী ড° পমীমা দুৱৰাই।আৰু অসম মহিলা বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ ড° চায়েষ্ঠা বৰা উপস্থিত থাকি মত বিনিময় কৰে। সমাৰোহ সভাত যোৰহাটৰ বহুকেইটা স্বেচ্ছাসেৱী সংগঠন কৃষ্টিৰ কঠিয়া, ৰেঙনি, A Hope, আৰু NESSIA আদিৰ সদস্য আৰু বিষয়ববীয়াসকল উপস্থিত থাকে। যুৱ উদ্যোগী সমীৰণ বৰদলৈ উপস্থিত থাকি কাম কৰাৰ উপায়সমূহৰ মত বিনিময় কৰে। ইয়াৰোপৰি সমাৰোহত ড°এফ জেমচ কেইচা আৰু ড° সুৱদাচ সিঙে উল্লেখনীয় বক্তৃতা আগবঢ়ায়।লাহদৈগড়ৰ মূগা এৰি গৱেষণা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান(CMER &TI) আৰু স্বেচ্ছাসেৱী সংগঠনৰ পাৰ্টনাৰ সদস্যসকলে কাম কৰাৰ ইচ্ছা প্ৰকাশৰ লগতে কৰ্মঅভিজ্ঞতাসমূহ ব্যক্ত কৰে। লগতে ভৱিষ্যতেও নাবাৰ্ডৰ সহযোগত কাম কৰাৰ ইচ্ছা প্ৰকাশ কৰে। সমাৰোহ সভাত আঁচনি সমূহ কাৰ্য্যকৰী কৰি যোৰহাট জিলাখনক জাকত জিলিকা কৰিবলৈ প্ৰয়োজনীয় সুবিধাৰ বাবে সকলোৱে একগোট হৈ কাম কৰাৰ সংকল্প গ্ৰহণ কৰে।

Leave A Reply

Your email address will not be published.