Daily Time Axom

অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতিৰ মাতৃ অসুস্থ, ডিব্ৰুগড়ৰ সঞ্জীৱনীত চিকিৎসাধীন ৷

0 8

ডিজিটেল ডেস্কঃ নিৰ্বাচনী প্ৰচাৰত ব্যস্ত থকাৰ মাজতে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণ জ্যোতি গগৈৰ মাতৃ ডুলু গগৈ সোমবাৰে হঠাৎ অসুস্থ হৈ পৰে । সম্প্ৰতি ডিব্ৰুগড়ৰ সঞ্জীৱনী নাৰ্চিংহোমত চিকিৎসাধীন হৈ আছে লুৰিণ জ্যোতি গগৈৰ মাতৃ ডুলু গগৈ । উল্লেখযোগ্য যে, উচ্চ ৰক্তচাপজনিত ৰোগত আক্ৰান্ত হৈ আছিল বয়ৰ্ষীয়ান লুৰিণ জ্যোতিৰ মাতৃ । বৰ্তমান আই চি ইউত ভৰ্তি লুৰিণ জ্যোতি গগৈৰ মাতৃ সোমবাৰে পুৱাই লাইপুলিস্থিত নিজ বাসগৃহত গুৰুতৰভাৱে অসুস্থ হৈ পৰে । পুৱা গোহালিলৈ যাওঁতেই হঠাতে প্ৰেছাৰ ষ্ট্ৰ’ক হোৱা বুলি জানিব পৰা গৈছে । ইয়াৰ পিছতে তেওঁক ততাতৈয়াকৈ ডিব্ৰুগড়ৰ সঞ্জীৱনী নাৰ্চিংহোমত ভৰ্তি কৰোৱা হয়। ৬০ বছৰৰ উৰ্ধ্বৰ ডুলু গগৈ বৰ্তমান নাৰ্চিংহোমখনৰ আই চি ইউত চিকিৎসাধীন হৈ আছে । আনহাতে, মাতৃৰ অসুস্থতা কথা জানিব পাৰি পূৰ্বনিৰ্ধাৰিত কাৰ্যসুচী সামৰি ডিব্ৰুগড়লৈ ৰাওনা হয় লুৰিণজ্যোতি গগৈ ৷

Leave A Reply

Your email address will not be published.