Daily Time Axom

আবিৰেৰে ৰঙীন আজি সমগ্ৰ ৰাজ্য।

0 40

ডিজিটেল ডেস্কঃ আজি ৰঙৰ উৎসৱ ফাকুৱা । শান্তি, সম্প্ৰতি আৰু উৰ্বৰতা বৃদ্ধিৰ বাবে উদযাপিত এই উৎসৱক দৌল বা ফল্পু উৎসৱ হিচাপেও জনা যায়। উল্লেখযোগ্য যে মানুহ আৰু জীৱ -জন্তুৰ উৰ্বৰতা বৃদ্ধিৰ উদ্দেশ্যে উদযাপিত এই উৎসৱত ফাকু গুৰি ছটিয়াই আটাইকে ৰঙিন কৰি তোলা যায়।বসন্তকালত ফাকুগুৰি ছটিয়ালে প্ৰকৃতিৰ প্ৰজনন ক্ষমতা বৃদ্ধি হয় বুলি বিশ্বাস কৰা হ’য়। ইয়াৰোপৰিও শ্ৰীকৃষ্ণই অসূৱা,অপ্ৰীতি আৰু হিংসাৰ অন্ত পৰিবলৈ এই উৎসৱ উদযাপন কৰিছিল বুলি লোকবিশ্বাস আছে। সমগ্ৰ ৰাজ্য আজি আবিৰেৰে ৰঙিন হৈ আছে। ব্যতিক্ৰম নহয় ধনশিৰি মহকুমাৰ সৰুপথাৰ,বৰপথাৰো।দুয়োখন ঠাইতে যুৱচামৰ মাজত ফাকুৱাৰ ব্যাপক উচাহ দেখিবলৈ পোৱা গৈছে।অবিৰৰ দৰেই ৰঙিন হওক সকলোৰে জীৱন ৰঙিন হৈ পৰক।

Leave A Reply

Your email address will not be published.