ডিজিটেল ডেস্কঃ মন বেয়া লগা বা মানসিক অৱসাদত ভুগিলে বহুতে কিছুমান খাদ্য খায় মানসিক চাপ আঁতৰাবলৈ চেষ্টা কৰে। আকৌ কিছুমানে গম নোপোৱাকৈয়ে অধিক আহাৰো গ্ৰহণ কৰে। কিন্তু এই অভ্যাস একেবাৰে মাৰাত্মক। এই বদঅভ্যাসে শৰীৰত দীৰ্ঘম্যাদী প্ৰভাৱ পেলাব পাৰে।এনে সমস্যাই এচিডিটী, গেছ বা অন্যান্য কিছুমান বেমাৰৰ সৃষ্টি কৰিব পাৰে। আহকচোন মানসিক চাপত থকা অৱস্থাত কোনকেইটা খাদ্যইনো আমাৰ শৰীৰত প্ৰভাৱ পেলায় জানি লওঁঃ
১) কেফেইনঃ সঘনাই কফি খোৱা অনুচিত। কফিত থকা অতিৰিক্ত কেফেইনে যকৃতত ক্ষতি সাধন কৰে। হজম শক্তি কমায়, ভোক নলগা হয় আৰু এচিডিটীৰ সৃষ্টি কৰে।
২) এলক’হলঃসকলোৱে জানে এলক’হল স্বাস্থ্যৰ পক্ষে হানিকাৰক।বহুতে আকৌ মানসিক চাপ দূৰ কৰিবলৈ এলক’হল বা সুৰাপান কৰে, কিন্তু এনে কৰিলে স্বাস্থ্যৰ হকেহে হানিকাৰক হয়গৈ। গতিকে ভূলতো এলক’হলৰ অভ্যাস গঢ়ি নুতুলিব।
৩) চকলেটঃমানসিক চাপ আঁতৰাবৰ বাবে চকলেট উপকাৰী। কিন্তু আমি জানোঁ যে যিকোনো বস্তুৰ অতিমাত্রা ব্যৱহাৰ বেয়া।অৱশ্যে মিঠা চকলেটৰ সলনি ডাৰ্ক চকলেট উপকাৰী।
৪) মিঠাই জাতীয় খাদ্যঃবহুতে আকৌ মন বেয়া লাগিলে মিঠা জাতীয় খাদ্য খায় ভাল পায়। কিন্তু এনে অভ্যাস বৰ বেয়া। যাৰ ফলত শৰীৰত অতিৰিক্ত শৰ্কৰাৰ প্ৰৱেশ ঘটে।
৫) ফাষ্ট ফুডঃ ফাষ্ট ফুডে সোৱাদ ঠিকে দিয়ে কিন্তু এই অতিৰিক্ত ফাষ্ট ফুডৰ খাদ্যই যেনে ৰোল,পিজ্জা, বাৰ্গাৰ আদিয়ে শৰীৰৰ ওজন বৃদ্ধি কৰে।