Daily Time Axom

কাজিৰঙাত অৰ্কিডৰ অপৰূপ সৌন্দর্য

0 6

ডিজিটেল ডেস্ক: অখিল অবিহনে কেনেকৈ আছে কাজিৰঙা জাতীয় অৰ্কিড আৰু জৈৱবৈচিত্ৰ উদ্যান। সুদীৰ্ঘ ডেৰ বছৰে অখিল গগৈৰ অবিহনে কৰ্মচাৰী সকলে লালন পালন কৰি আহিছে মূল্যবান অৰ্কিড সমূহ।
আটাইতকৈ সৰু অৰ্কিডটোৰ পৰা সুগন্ধি কপৌ লৈ উদ্যানখনৰ সকলো অৰ্কিডেই এতিয়া নতুন ৰূপ দিছে উদ্যান খনক।
উল্লেখ্য যে কৰ্মচাৰীসকলৰ বছৰজোৰা আপদাল আৰু কঠোৰ শ্ৰমৰ বলত এই সময়ত এনেকৈ ফুলি উঠে প্ৰতিটো অৰ্কিড‌ প্ৰজাতি। যেন ৰঙৰহে মেলা পাতিছে অৰ্কিডে। ইপিনে বিগত বছৰত কৰোণা মহামাৰীৰ বাবে সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছিল অৰ্কিড উদ্যান। যাৰ ফলত বহু আপুৰুগীয়া অৰ্কিড নষ্ট হৈ গৈছিল। যি দৃশ্যই উদ্যানখনৰ প্ৰতিগৰাকী কৰ্মচাৰী শুভাকাংক্ষিৰে মনত বেদনাৰ সৃষ্টি কৰিছিল। কিন্তু এটা বছৰৰ অন্তত বৰ্তমানৰ দৃশ্যই যেন মুখত হাঁহি বিৰিঙাই তুলিছে প্ৰতিগৰাকী কৰ্মচাৰীৰ।সকলোৰে আহ্বান অৰ্কিডৰ এই ৰঙৰ মেলা চাবলৈ সকলো আহক অৰ্কিড উদ্যানলৈ আৰু উপভোগ কৰক প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্য।

Leave A Reply

Your email address will not be published.