ডিজিটেল ডেস্কঃ ভাৰতীয় মহিলা টি-২০ ক্ৰিকেট দলৰ অধিনায়ক হৰমনপ্ৰীত কৌৰ কৰ’ণাত আক্রান্ত। জ্বৰত আক্রান্ত হৈ থকা হৰমনপ্ৰীতে কৰ’ণা পৰীক্ষা কৰাৰ পিছতে পোহৰলৈ আহে কভিডত আক্রান্ত হোৱাৰ কথা।
উল্লেখ্যযোগ্য যে, দক্ষিণ আফ্রিকাৰ বিৰুদ্ধে সদ্যসমাপ্ত টি-২০ শৃংখলাটো নিয়মীয়াকৈ ভাগ ল’ব পৰা নাছিল হৰমনপ্ৰীতে।অৱশ্যে কৰ’ণাত আক্রান্ত হৈ আছে যদিও কোনো চিকিৎসালয়ত ভৰ্তি হোৱা নাই খেলুৱৈগৰাকী। ঘৰতে সম্পূর্ণ আছুতীয়াকৈ আছে হৰমনপ্ৰীত।