সোন, ৰূপ আৰু ব্ৰঞ্জৰ পদক লাভেৰে ৰাষ্ট্ৰীয় সমৰকলা প্ৰতিযোগিতাত নাম উজ্জ্বলিল ধনশিৰিৰ চাৰি গৰাকী খেলুৱৈৰ
ডিজিটেল ডেস্কঃজম্মু কাশ্মীৰৰ শ্ৰীনগৰস্থ পল গ্ৰাউণ্ড ইণ্ডৰ স্পৰ্টছ কমপ্লেক্সত ২৬ মাৰ্চৰ পৰা অনুষ্ঠিত নৱম চাব জুনিয়ৰ ৰাষ্ট্ৰীয় পেঞ্চাক চিলাট সমৰ কলা প্ৰতিযোগিতাত অসম দলটোৱে প্ৰতিনিধিত্ব কৰি ১৮ টাকৈ বিভিন্ন পদক লাভেৰে সমগ্ৰ ৰাজ্যলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। দেশৰ ৩২ খন ৰাজ্যৰ ৯০০ প্ৰতিযোগিয়ে অংশ গ্ৰহণ কৰা এই ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতা খনত গোলাঘাট জিলাৰ অসমৰ দলটোক প্ৰতিনিধিত্ব কৰি ৪ গৰাকী খেলুৱৈ ক্ৰমে চাব জুনিয়ৰ টেণ্ডিঙত নিস্তাৰাণি শইকীয়াই ৪৪ কেজি শাখাত ৰূপ, অনন্যা শইকীয়াই ৪৬ কেজি শাখাত ব্ৰঞ্জ, প্ৰি-টিনত স্নেহা শইকীয়াই ৪৬ কে জি শাখাত সোন লগতে একক তুংগল চাব জুনিয়ৰ শাখাত অনন্যা শইকীয়াই ৰূপ আৰু প্ৰি -টীন শাখাত হিৰস্ময়ী শইকীয়াই ব্ৰঞ্জৰ পদক লাভ কৰি সমগ্ৰ অসমৰ লগতে গোলাঘাট জিলাৰ ধনশিৰি মহকুমালৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়। উল্লেখ যে গোলাঘাট জিলা পেঞ্চাক চিলাট সন্থাৰ সম্পাদক তথা প্ৰশিক্ষক গগণ চন্দ্ৰ বড়োৰ অধীনত প্ৰশিক্ষণ গ্ৰহণ কৰি থকা খেলুৱৈ কেইগৰাকীয়ে অসম পেঞ্চাক চিলাট সন্থাৰ মহাসচিব লক্ষ্যজিৎ দলেৰ নেতৃত্বত উক্ত প্ৰতিযোগী সকল জম্মু কাশ্মীৰৰ শ্ৰী নগৰত অনুষ্ঠিত ৰাষ্ট্ৰীয় সমৰ কলা প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰিছিল।