Daily Time Axom

বলিউডৰ অভিনেত্ৰী আলিয়া ভাট আক্ৰান্ত হৈছে ক’ৰণাত

0 8

ডিজিটেল ডেস্কঃ দেশত পুনৰ বৃদ্ধি পাইছে ক’ৰণাৰ সংক্ৰমণ।মহাৰাষ্ট্ৰ,মুম্বাইকে ধৰি দেশৰ কেইবাখনো ৰাজ্যত ব্যাপক হাৰত বৃদ্ধি পাইছে ক’ৰণাৰ সংক্ৰমণ।মুম্বাইত ২৪ ঘন্টাত আক্ৰান্তৰ সংখ্যা হৈছে প্ৰায় ৮ হাজাৰৰো অধিক । মুম্বাইত শেহতীয়াকৈ ক’ৰণাত আক্ৰান্ত হৈছে বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী আলিয়া ভাট।শুকুৰবাৰে পুৱাৰ ভাগতে ইনষ্টাগ্ৰামৰ যোগদি ক’ৰণাত আক্ৰান্ত হোৱাৰ কথা সদৰি কৰিছে অভিনেত্ৰী আলিয়া ভাটে।উল্লেখ্যযোগ্য যে কেইটামান দিনৰ পুৰ্বে অভিনেত্ৰী গৰাকীৰ প্ৰেমিক তথা বলিউডৰ অভিনেতা ৰণবীৰ কাপোৰো আক্ৰান্ত হৈছিল ক’ৰণাত।শেহতীয়াকৈ এখন চিনেমাৰ কামত দুয়ো গৰাকীকে ব্যস্ত হৈ থকা পৰিলক্ষিত হৈছিল।

Leave A Reply

Your email address will not be published.