আপোনাৰ দেহত থকা ক’লা দাগ ঘৰুৱা উপায়েৰে কেনেকৈ নোহোৱা কৰিব?
ডিজিটেল ডেস্কঃ আমি সকলোৱে নিজকে সুন্দৰ কৰি ৰাখি ভাল পাওঁ৷ আৰু নিজকে সুন্দৰ কৰি ৰাখিলেহে মন বোৰো ভালে থাকে৷ইয়াৰ লগতে এখন মসৃন আৰু সুন্দৰ ছাল আমাৰ সকলোৰে কাম্য৷কিন্তু এখন সুন্দৰ ছালৰ অধিকাৰী হ’বলৈ যাওতে আমি বিভিন্ন সমস্যাৰ সন্মুখীন হওঁ৷তাৰে ভিতৰত সততে দেখা দিয়া এটা সমস্যা হ’ল ছাল ক’লা পৰা সমস্যা৷বাহিৰৰ ধুলি বালিৰ পৰা আদি কৰি বিভিন্ন কাৰণত আমি এই সমস্যাৰ সন্মুখীন হওঁ৷ আজি আমি আপোনালোকক দিম এই সমস্যাৰ পৰা পৰিত্ৰাণ পোৱাৰ দুটা সহজ আৰু ঘৰুৱা উপায় ৷
১/এটা পাত্ৰত অলপ গৰম পানী লওক,তাৰ পিছত সেই গৰম পানী খিনিত পাতীনেমুৰ ৰস মিহলাওক৷আপোনাৰ দেহৰ যিখিনি অংশত ক’লা দাগ পৰিছে সেইখিনি অংশত নেমু আৰু গৰম পানীৰে তৈয়াৰ কৰা মিশ্ৰনখিনি লাহে লাহে ঘঁহি দিয়ক৷কেইটামান দিন এনে কৰিলে দেখিব লাহে লাহে আপোনাৰ দেহৰ ক’লা দাগবোৰ নোহোৱা হৈছে৷
২/এইবাৰ আপুনি মচুৰ দাইলৰ এটা পেষ্ট বনাওক৷ইয়াৰ পিছতে তিনি চামুচ এল’ভেৰাৰ ৰস লৈ আকৌ সমপৰিমানৰ বিলাহীৰ ৰস লওক৷তিনিওটাৰ মিশ্ৰনখিনি আপোনাৰ ক’লা পৰা অংশত লাহে লাহে ধুনীয়াকৈ সানক৷সেইখিনি সানি অলপ সময় ৰাখি চাফা পানীৰে ধুনীয়াকৈ মুখখন ধুই দিব৷
এই সহজ আৰু ঘৰুৱা উপায় দুটা নিয়মীয়াকৈ কৰিলে আপুনি নিশ্চয়কৈ সুফল লাভ কৰিব৷