Daily Time Axom

সাংবাদিকক মন্ত্ৰী পীয়ুষ হাজৰিকাৰ ভাবুকি ধনশিৰি আপকুৰ তীব্ৰ গৰিহণা ব্যৱস্থা গ্ৰহণৰ দাবীত ৰাজ্যপাললৈ স্মাৰক পত্ৰ প্ৰেৰণ

0 13

ডিজিটেল ডেস্কঃঅসম চৰকাৰৰ মন্ত্ৰী তথা জাগীৰোড সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী পীয়ুষ হাজৰিকাই জাগীৰোডৰ দুগৰাকী সাংবাদিকক ফোন যোগে চৰম ভাবুকি আৰু ধমকি দিয়া ঘটনাক কেন্দ্ৰ কৰি ৰাজ্যৰ চৌদিশে আজিও অব্যাহত আছে তীব্র প্ৰতিক্ৰিয়া। ৰাজ্যখনত নিৰ্বাচন চলি থকাৰ সময়তে খোদ ৰাজ্য চৰকাৰৰ এগৰাকী দায়িত্বশীল মন্ত্ৰীয়ে কৰ্মৰত সাংবাদিকক উদ্দেশ্যি এনেদৰে চৰম ভাবুকি আৰু ধমকি দি সাংবাদিক দুজনক জীৱনৰ নিৰাপত্তাহীনতাত ভূগিবলৈ দিয়া কাৰ্যক আসাম প্ৰেছ কৰেছপণ্ডেন্টছ ইউনিয়ন চমুকৈ আপকু ধনশিৰি মহকুমা সমিতিয়ে তীব্ৰ নিন্দা কৰাৰ লগতে উক্ত ঘটনাক কঠুৰ ভাষাৰে গৰিহণা দিছে। আজি মন্ত্ৰী গৰাকীৰ এনে কাৰ্যক তীব্ৰ বিৰোধিতা কৰি ঘটনাটোৰ নিৰপেক্ষতাৰে এক উচিত তদন্ত কৰি ঘটনাৰ লগত জড়িত দোষিক দৃষ্টান্ত মূলক শাস্তি বিহাৰ লগতে ৰাজ্যখনৰ প্ৰতিগৰাকী কৰ্মৰত সাংবাদিকৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ ধনশিৰি মহকুমাৰ মহকুমাধিপতিৰ যোগেদি অসমৰ ৰাজ্যপাললৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে । ৰাজ্যপাললৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰা কালত আপকু’ ধনশিৰি মহকুমা সমিতিৰ সভাপতি হেমন্ত কুমাৰ মহন্ত, সম্পাদক তুলসী চুতীয়া আৰু কাৰ্যনিৰ্বাহক সদস্য ৰাকেশ কুমাৰ যাদৱ উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.