Daily Time Axom

আপুনি বাৰু মুখৰ দুৰ্গন্ধ আঁতৰাব বিছাৰেনে?ঘৰুৱা মাউথৱাছেৰে দূৰ কৰক মুখৰ দুৰ্গন্ধ আৰু দাঁতৰ কিছু সমস্যা।

0 8

ডিজিটেল ডেস্কঃ স্বাস্থ্য, চুলি আদিৰ যত্নৰ সমান্তৰালভাৱে মুখৰ যত্ন লোৱাটো অতি দৰকাৰী।অন্যথা মুখৰ পৰা দুৰ্গন্ধ ওলোৱা আদি সমস্যাই দেখা দিব পাৰে। যাৰবাবে কাৰোবাৰ সৈতে কথা পাতোঁতে মুখৰ দুৰ্গন্ধ হৈ পৰে অস্বস্তিৰ কাৰণ।দাঁত সুৰক্ষিত আৰু মুখগহ্বৰ পৰিষ্কাৰ কৰি ৰাখিবৰ বাবে মাউথৱাছৰ অত্যাৱশ্যকীয়।অন্ততঃ দিনে দুবাৰকৈ দাঁত ব্ৰাছ কৰিব লাগে আৰু পৰিষ্কাৰ কৰি ৰাখিব লাগে।বজাৰৰ ভিন্ন ধৰণৰ মাউথৱাছ পোৱা যায়। কিন্তু ঘৰতো মাউথৱাছ প্ৰস্তুত কৰি কিদৰে ব্যৱহাৰ কৰিব পাৰি

জানোঁ আহকঃ
১) নিমখ পানী মাউথৱাছ হিচাপে অতি উৎকৃষ্ট। ই দাঁতৰ সমস্যা আঁতৰাই। গতিকে আধা চামুচ নিমখ কুহুমিয়া পানীৰ সৈতে মিহলাই গাৰ্গল কৰিব লাগে।
২) নাৰিকলৰ তেলো মাউথৱাছ হিচাপে ব্যৱহাৰ কৰিব পৰা যায়। এচামুচ নাৰিকল তেল মুখত লৈ লৰচৰ কৰি অৰ্থাৎ গাৰ্গল কৰা ধৰণে কৰি তেলখিনি মুখৰ পৰা উলিয়াই পেলাওক।তাৰপিছত বিশুদ্ধ পানীৰে মুখ পখালি পেলাব। নাৰিকল তেলৰ এই প্ৰক্ৰিয়াক ‘অইল কুলিং ‘ বুলি কোৱা হয়।
৩) বেকিং ছ’ডাই মুখৰ দুৰ্গন্ধ আঁতৰাই আৰু লগতে মুখক বেক্টেৰিয়াৰ পৰা মুক্ত কৰি ৰাখে। বেকিং ছ’ডাই লেলাউটিৰ পি এইছ লেবেল বৃদ্ধি কৰে।
৪)ডালচেনি আৰু লঙৰ তেলেৰেও ঘৰতে মাউথৱাছ প্ৰস্তুত কৰি ল’ব পাৰি। ইয়াৰ বাবে একাপ ডিষ্টিল ৱাটাৰ, দহ ফুটা লং আৰু সৰু সৰু দহ টুকুৰা ডালচেনিৰ তেল মিহলাই ল’ব।এই উপাদানখিনি ভালদৰে মিশ্রণ কৰি ল’ব লাগে। এই মিশ্রণ আপুনি বহুদিনলৈ সংৰক্ষিত কৰিও ৰাখিব পাৰে। ডালচেনি, ডিষ্টিল ৱাটাৰ আৰু লঙৰ তেলৰ মিশ্রণে মুখ ধুব লাগে।দেখিব মুখৰ দুৰ্গন্ধ একেবাৰে নাইকিয়া হৈছে।
৫) এল’ভেৰাৰ জুছেৰেও ঘৰতে মাউথৱাছ প্রস্তুত কৰিব পাৰি। আধা কাপ ডিষ্টিল ৱাটাৰৰ সৈতে আধা কাপ এল’ভেৰা জুছৰ মিশ্রণ তৈয়াৰ কৰি এই মিশ্রণেৰে গাৰ্গল কৰক। প্ৰতিবাৰ দাঁত ব্রাছ কৰাৰ পিছতে এই মাউথৱাছৰ সহায় লওঁক।এল’ভেৰা জুছ আৰু ডিষ্টিল ৱাটাৰৰ মিশ্রণে দাঁতৰ মাৰিৰ ৰক্তপাত বন্ধ কৰে লগতে মুখৰ দুৰ্গন্ধ সহজে আঁতৰাই।

Leave A Reply

Your email address will not be published.