Daily Time Axom

আল্লো অৰ্জুনৰ নতুন চিনেমা ‘পুষ্পা’ৰ তীজৰ প্ৰকাশ

0 9

ডিজিটেল ডেস্ক: চাউথৰ চুপাৰষ্টাৰ আল্লো অৰ্জুনে নিজৰ ব্যতিক্ৰমী ষ্ট্যাইল আৰু অভিনয়েৰে প্রায় সংখ্যক লোককে আকৰ্ষিত কৰিবলৈ হক্ষম হৈছে।শেহতীয়াকৈ আল্লো অৰ্জুনৰ নতুন চিনেমা ‘পুষ্পা’ ৰ তীজৰ প্ৰকাশ পোৱাৰ লগে লগে আলোড়ণৰ সৃষ্টি হৈছে তেওঁৰ অনুৰাগী সকলৰ মাজত।পুষ্পা’ ৰ তীজৰ প্ৰকাশ পোৱাৰ পিছতে অনুৰাগী সকলৰ প্ৰতিক্ৰিয়া দেখি এটা কথা স্পষ্ট হৈ পৰিছে যে চিনেমাখনলৈ আল্লো অৰ্জুনৰ অনুৰাগী সকলে যথেষ্ঠ উৎকন্ঠাৰে বাট চাই আছে।এই সম্পৰ্কে আল্লো অৰ্জুনে ‘পুষ্পা’ চিনেমা খনৰ লগত জড়িত সকলো বোৰ কলাকাৰক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে কয়,’মই অন্য ভাষাৰ সকলোবোৰ দৰ্শকক ধন্যবাদ জনাবলৈ বিচাৰিছোঁ।তেলেগু চিনেমা চোৱাৰ বাবে প্ৰতিটো প্ৰান্তৰ লোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ।আপোনালোক দৰ্শক সকলৰ বাবেই মই আজি এই স্থানত উপনিত হৈছোঁ ।এনেদৰেই সকলো ৰাজ্যৰ লোকক আল্লো অৰ্জুনে ধন্যবাদ আৰু কৃতজ্ঞতা জনোৱা দেখা গ’ল।

Leave A Reply

Your email address will not be published.