ডিজিটেল ডেস্কঃ আপোনাৰ বিশ্বাস কৰিবলৈ টান হ’ব যে এটি ১০ বছৰীয়া শিশুৰ মাহিলী উপাৰ্জন ১৮ কোটি টকা। সাধাৰণতে এই সময় পঢ়া শুনা কৰা আৰু খেলাধূলা কৰাৰ বয়স।কিন্তু ১০ বছৰ বয়সতে মুকেশ আম্বানীহঁতৰ দৰেই ধনাঢ্য লোকৰ নিচিনা এই শিশুটোৱে মাহিলী উপাৰ্জন কৰে কোটি টকা । শিশুটিৰ নাম হ’ল ৰায়ন কাজী । ৰায়নে ইউটিউবৰ জৰিয়তে মাহিলী উপাৰ্জন কৰে ১৮ কোটি।ৰায়নে ২০১৫ চনতে আৰম্ভ কৰা ইউটিউবৰ আছে অসংখ্য অনুৰাগী । ইউটিউব একাউন্টটোত ৰায়নে খেলা সামগ্ৰীসমূহৰ ৰিভিউ দিয়ে আৰু আনবস্কিং কৰে । ৰায়নৰ কথনশৈলী সুন্দৰ হোৱাত কম সময়ৰ ভিতৰতে জনপ্ৰিয় হৈ পৰে ইউটিউব একাউন্টটো । ২০১৫ চনতে খোলা সেই ইউটিউব একাউন্টটোৰ জৰিয়তে ২০১৮, ২০১৯ আৰু ২০২০ চনত ৰায়নে ইউটিউবত সকলোতকৈ অধিক উপাৰ্জনকাৰী হিচাপে পৰিগণিত হ’বলৈ সক্ষম হয়। ৰায়ন হৈছে আমেৰিকাৰ টেক্সাচ নিবাসী । ২০২০ চনত ৰায়নে ইউটিউবৰ পৰা ২৯.৫ মিলিয়ন ডলাৰ উপাৰ্জন কৰিছিল যিটো ভাৰতীয় হিচাপত ২২১ কোটি টকা ।